ডিব্ৰুগড়, 24 জুলাইঃ অসম চুক্তিৰ ফচল ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পলৈ সুখবৰ ৷ পলিমাৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শ্ৰেষ্ঠ উদ্যোগৰ বঁটা ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পলৈ ৷
USA ৰ Berkshire media LLC নামৰ প্ৰতিষ্ঠানৰ দ্বাৰা পেট্ৰকেমিকেল সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত লাভ কৰে এই বঁটা ৷ ইয়াৰ ফলত উৎফুল্লিত হৈ পৰিছে গেছ ক্ৰেকাৰ প্ৰকল্পটোত প্ৰথমবাৰৰ বাবে বিচিপিএলৰ পৰিচালন সঞ্চালকৰ পদত অধিষ্ঠিত উচ্চ কাৰিকৰী অভিজ্ঞতা তথা দক্ষতাসম্পন্ন অসমীয়া পৰিচালন সঞ্চালক ৰিপ হাজৰিকা ৷ এই সফলতাৰ বাবে তেওঁ BCPL প্ৰকল্পৰ লগত জড়িত সহযোগী, সমূহ কৰ্মচাৰী বিষয়া-বৰ্গক ধন্যবাদ জ্ঞাপন কৰে ৷ সকলোৰে প্ৰচেষ্টাত এইটো সম্ভৱ হৈ পৰা বুলি তেওঁ উল্লেখ কৰে ৷
উল্লেখযোগ্য যে,প্ৰায় দীঘলীয়া সময় লক ডাউনৰ প্ৰভাৱ আৰু মহামাৰী কৰ’ণাৰ সময়তো অৰ্ধ শতাংশ কৰ্মচাৰীৰ জৰিয়তেই কাম আগবঢ়াই যোৱা গেছ ক্ৰেকাৰ প্ৰকল্পৰ মাৰ্চ মাহলৈকে মুঠ পলিমাৰ উৎপাদন আছিল ৬৬০০০ মেট্ৰিকট'ন পলিমাৰ ৷ ইপিনে বৰ্তমানলৈ পলিমাৰ উৎপাদনৰ পৰিমান বৃদ্ধি পাইছে ৭৩০০০ মেট্ৰিকট'নলৈ ৷
উল্লেখযোগ্য যে, High density polyethylene (HDPE), Linear low density polyethylene (LLDPE) আৰু Poly propylene (PP), পলিমাৰ উৎপাদন কৰি দেশৰ লগত বিদেশলৈও ৰপ্তানি কৰিছে ৷ BCPL-ৰ এই সাফল্যত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও টুইট যোগে প্ৰকল্পৰ বিষয়া-বৰ্গ কৰ্মচাৰী লৈ শুভেচ্ছা প্ৰেৰণ কৰিছে ৷