ডিব্ৰুগড়, 30 মে’: দেশত এতিয়া ক’ৰণা মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰিছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে ৰাজ্যত যদিও আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা বৃ্দ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত ৰাজ্যৰ চৰকাৰে ক’ভিড পৰিস্থিতি মোকাবিলা কৰিবলৈ জনসাধাৰণৰ পৰা সাহাৰ্য বিচাৰি মুখ্যমন্ত্ৰীয়ে ৰাইজক অনুৰোধ জনাইছিল ৷
তাৰ মাজতে পুনৰ এবাৰ বিপিচিএল আগবাঢ়ি আহিছে অসমৰ ৰাইজৰ বাবে । বিপিচিএলয়ে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে এক কোটি টকাৰ এক আৰ্থিক সাহাৰ্য । উক্ত ধন ৰাশি বিপিচিএলৰ হৈ অসম চৰকাৰলৈ আগবঢ়াই বিপিচিএলৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকাই ।
উল্লেখযোগ্য যে, অসম সচিবালয়ত এই ধনৰাশি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা সময়ত উপস্থিত আছিল উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দন মোহন পাটোৱাৰীৰ লগতে বিপিচিএল ৰ আন বহুতো উচ্চ পদস্থ বিষয়া। মুখ্যমন্ত্ৰী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিপিচিএলৰ এই সহায়ৰ বাবে বিপিচিএল কৰ্তৃপক্ষক শলাগ লোৱা দেখা যায় ৷
লগতে পঢ়কঃ বকোৰ এঘৰত আগচোতাল ভৰিছে শ শ টোকোৰা চৰায়ে