ETV Bharat / state

বিলুপ্তপ্ৰায় বাদুলীৰ আশ্ৰয়স্থলী হৈ পৰিছে এজোপা জৰী গছ

author img

By

Published : Oct 21, 2020, 12:36 PM IST

মৰাণৰ 80 বছৰ পুৰণি এজোপা জৰী গছত বাদুলিৰ আশ্ৰয়স্থল ৷ বহু বছৰ ধৰি অসংখ্য বাদুলীয়ে আশ্ৰয় লৈ আছে এই গছজোপাত ৷ গছজোপা সংৰক্ষণৰ বাবে আহ্বান স্থানীয় ৰাইজৰ ।

Bats have been living in a Joree tree of Moran since many years
বিলুপ্তপ্ৰায় বাদুলীৰ আশ্ৰয়স্থলী হৈ পৰিছে এজোপা জৰী গছ

মৰাণ,21 অক্টোবৰ : ডিব্ৰুগড়ৰ মৰাণৰ 80 বছৰ পুৰণি এজোপা জৰী গছ দুষ্পাপ্য বাদুলিৰ বাবে হৈ পৰিছে আশ্ৰয়স্থল ৷ বহু বছৰ ধৰি অসংখ্য বাদুলীয়ে আশ্ৰয়স্থল হিচাপে বাছি লোৱা গছজোপাক লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক চৰ্চা ৷

এই নিশাচৰ স্তন্যপায়ী প্ৰাণীবিধ বিলুপ্তপ্ৰায় হোৱাৰ সময়তে মৰাণৰ এই গছজোপাই বাদুলীৰ পৰিচয় দাঙি ধৰিছে । মৰাণ আৰু ডিব্ৰুগড় সংযোগী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ তিলৈ নগৰত অৱস্থিত এই গছজোপা ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে,বিদেশী পৰ্যটকেও বিভিন্ন সময়ত এই বাদুলীসমূহৰ ফটো সংগ্ৰহ কৰি লৈ যায় । বিভিন্ন শব্দৰে কোলাহল সৃষ্টি কৰি থকা বাদুলীসমূহক লৈ ওচৰৰ আৱাসীবিলাকো সুখী । পুৱা শুই উঠি এই বাদুলিসমূহৰ শব্দ শুনিলেহে মনটো ভাল লাগে বুলি বহুজনে মন্তব্য কৰিছে ।

তিলৈ নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সন্তোষী মা মন্দিৰৰ ওচৰতে থকা এই জৰী গছজোপাক এতিয়া সংৰক্ষণৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে । বাদুলীৰ আশ্ৰয়স্থল হিচাপে পৰিচিত গছজোপা কোনো কাৰণতে শেষ হৈ যোৱাটো নিবিচাৰে গাঁওবাসীয়ে ।

লগতে পঢ়ক : অনলাইন শিক্ষাৰে বিদেশত সুনাম অসম কন্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.