ETV Bharat / state

বহিঃৰাজ্যৰ পৰা ৰে'লৰে উজনি অসমলৈ সৰবৰাহ হৈছে শ-শ কুইন্টল নিষিদ্ধ লালীগুৰ

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:33 PM IST

ডিব্ৰুগড় জিলা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ ডিব্ৰুগড়ৰ অতি ভিতৰুৱা ৰে’লৱে ষ্টেচন ধমল গাঁও ৰে’লৱে ষ্টেচনৰ পৰা উজনিৰ বিভিন্ন জিলালৈ সৰবৰাহ নিষিদ্ধ লালীগুৰ ৷ নিষিদ্ধ লালীগুৰৰ বৃহৎ ব্যৱসায় চলাই আছে এটা চক্ৰই ৷

Banned Lali Gur Smuggling in Dibrugarh
নিষিদ্ধ লালীগুৰৰ বেহা
সৰবৰাহ হৈছে শ শ কুইন্টল নিষিদ্ধ লালীগুৰ

মৰাণ, 16 ডিচেম্বৰ : ৰাজ্য চৰকাৰে নিষিদ্ধ বুলি ঘোষণা কৰা চুলাই তৈয়াৰ কৰা নিষিদ্ধ লালীগুৰৰ বৃহৎ ব্যৱসায় চলাই আছে এটা চক্ৰই ৷ বৰবিহ ৰূপে পৰিগণিত হোৱা লালীগুৰৰ কাৰণে পূৰ্বে ৰাজ্যৰ বিভিন্ন ঠাইত বহু লোকৰ মৃত্যু হোৱাৰ পাছতেই জিলা প্ৰশাসনে লালীগুৰৰ কিনা-বেচা আৰু মজুত ৰখাক লৈ নিষেধাজ্ঞা জাৰি কৰিছিল ৷

কিন্তু এতিয়াও বহিঃৰাজ্যৰ পৰা ৰে'লেৰে উজনি অসমলৈ সৰবৰাহ হৈছে শ শ কুইন্টল নিষিদ্ধ লালীগুৰ ৷ ডিব্ৰুগড়ৰ অতি ভিতৰুৱা ৰে'লৱে ষ্টেচন "ধমল গাঁও" ৰে'লৱে ষ্টেচনৰ পৰা উজনিৰ বিভিন্ন জিলালৈ সৰবৰাহ হয় এই নিষিদ্ধ লালীগুৰ ৷ চুলাই তৈয়াৰ কৰা নিষিদ্ধ গুৰ সৰবৰাহ পূৰ্বে ডিব্ৰুগড় ৰে'ল ষ্টেচনত চলি থকাৰ বিষয়ে সংবাদ মাধ্যমৰ প্ৰকাশ হোৱা পাছতেই ডিব্ৰুগড় ৰে'ল ষ্টেচনত বন্ধ হৈ পৰিছিল লালীগুৰৰ সৰবৰাহ ৷

ডিব্ৰুগড় জিলা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ নিষিদ্ধ লালীগুৰ সৰবৰাহ কৰা চক্ৰটোৱে এইবাৰ স্থান সলনি কৰি ডিব্ৰুগড় ৰে'লৱে ষ্টেচনৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ অতি ভিতৰুৱা ৰে’লৱে ষ্টেচন ধমল গাঁৱও ৰে'লৱে ষ্টেচনৰ পৰা সৰবৰাহ কৰিছে নিষিদ্ধ লালীগুৰ ৷ ধমল গাঁও ৰে’ল ষ্টেচনৰ পৰা শ শ ট্ৰাকত উজনিৰ বিভিন্ন জিলালৈ সৰবৰাহ কৰা হৈছে লালীগুৰ ৷ জানিব পৰা অনুসৰি আজি 42 টা দবাত প্ৰায় দুশ ট‌্ৰাক গুৰ লৈ অহা হৈছে ডিব্ৰুগড়লৈ ৷

ডিব্ৰুগড়তো এই গুৰ ক্ৰয়- বিক্ৰয় কৰাৰ ক্ষেত্ৰত 144 আৰু 188 ধাৰা জাৰি কৰা আছে ৷ ইয়াৰ পাছতো নিষিদ্ধ লালীগুৰ সৰবৰাহ ডিব্ৰুগড়ৰ পৰাই চলিছে যদিও জিলা প্ৰশাসন এই ক্ষেত্ৰত নীৰৱে থকাহে পৰিলক্ষিত হৈছে ৷ একাংশই এই লালীগুৰ গৰুৰ দানাত ব্যৱহাৰ কৰা বুলি অনুজ্ঞাপত্ৰ উলিয়াই চুলাই মদ বনোৱাৰ বাবে মুকলিকৈ চলাই আহিছে এই ব্যৱসায় ৷ ডিব্ৰুগড়ৰ পৰা শ শ ট্ৰাকত এই নিষিদ্ধ লালীগুৰ সৰবৰাহ হৈ আছে যদিও আৰক্ষী, ৰে’ল আৰক্ষী, আবকাৰী বিভাগ সকলো নিমাতে থকাত সচেতন মহলত ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এতিয়া বৰবিহ ৰূপী চুলাই প্ৰস্তুত কৰা এই ৰমৰমীয়া গুৰৰ ব্যৱসায় বন্ধ কৰিবলৈ ডিব্ৰুগড় প্ৰশাসন সক্ষম হয় নে নহয় সেইয়াহে লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক : বনভোজ আৰু মাঘ বিহু উপলক্ষে ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.