মৰাণ, ১৫ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিনহে বাকী । নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক নেতা-পালিনেতাৰ লগতে জিলা প্ৰাশাসনসমূহ । ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি কিদৰে সজাগ কৰি তুলিব পাৰি তাৰ বাবে ন ন কৌশল প্ৰস্তুত কৰিছে । ডিব্ৰুগড় জিলা প্ৰশাসনো ব্যতিক্ৰম নহয় । নতুন ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে কুইজ প্ৰতিযোগিতা আয়োজন কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ।
সোমবাৰে ডিব্ৰুগড় জিলাৰ SVEEP চেলৰ অধীনত ডি এইচ এছ কে কানৈ মহাবিদ্যালয়ত ভোটাৰ সজাগতাৰ লগত সংগতি ৰাখি নতুন ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে কুইজ প্ৰতিযোগিতা আয়োজন কৰে । অনুষ্ঠানত চাবুৱা বিধানসভা সমষ্টিৰ নির্বাচনী সাধাৰণ পৰ্যবেক্ষক তৰুণ কুমাৰ মুখোপাধ্যই অংশগ্ৰহণ কৰে । ইতিমধ্যে জিলা প্ৰশাসনে জিলাৰখনৰ প্ৰতিটো সমষ্টিত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে । EVM-VVPAT ৰ জৰিয়তে ভোটদানৰ বিষয়ে চাহ বাগিচাৰ ভোটাৰ ৰাইজৰ লগতে বিশেষকৈ নতুন ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।
লগতে পঢ়ক: ৰূপহীহাটত ৰাইজৰ দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ