ETV Bharat / state

মৰাণৰ বাগিচাই বাগিচাই ক'ভিড সজাগতা অভিযান

author img

By

Published : May 13, 2021, 5:34 PM IST

মৰাণ অঞ্চলৰ বাগিচাসমূহতো ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে সজাগতা অভিযান অব্যাহত আছে । অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ সন্থা মৰাণ শাখাৰ যুটীয়া উদ্যোগত এই সজাগতা অভিযান অব্যাহত আছে ।

covid awarness at tea estate area
মৰাণৰ বাগিচাই বাগিচাই ক'ভিড সজাগতা অভিযান

মৰাণ,১৩ মে': দেশজুৰি মহামাৰী কাল কৰ'ণাৰ সংহাৰী ৰূপ । ৰাজ্য চৰকাৰ তথা প্ৰশাসনে কেতবোৰ নিয়মাৱলী বান্ধি দিছে যদিও ৰোধ কৰিব পৰা নাই কৰ'ণাৰ সংক্ৰমণ । চৰকাৰে বান্ধি দিয়া নিয়মাৱলীৰ উপৰিও সংগঠন, সমিতি, জিলা স্বাস্থ্য বিভাগ আদিয়েও কৰ'ণা সজাগতা অভিযান অব্যাহত ৰাখিছে ।

তৎস্বত্বেও ক'ভিডৰ শৃংখলা ৰোধ কৰিব পৰা নাই । ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বৃহত্তৰ মৰাণ অঞ্চলটোত ক'ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বাঢ়িয়েই আছে । আনহাতে, ক'ভিডত আক্ৰান্ত হৈ ইতিমধ্যে ৮ জন লোকৰ মৃত্যুও হৈছে ।

মৰাণ অঞ্চলৰ বাগিচাসমূহতো ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে বাগিচাই বাগিচাই সজাগতা অভিযান অব্যাহত আছে । অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ সন্থা মৰাণ শাখাৰ যুটীয়া উদ্যোগত এই সজাগতা অভিযান অব্যাহত আছে ।

অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ সন্থা মৰাণ শাখাৰ নেতৃত্বই শ্ৰমিকসকলক ক'ভিডৰ পৰা হাত সাৰি থাকিবলৈ কেনেদৰে ক'ভিড প্ৰট’কল মানি চলিব লাগে সেই সন্দৰ্ভত সজাগ কৰি আহিছে । মঙলবাৰে স্বাস্থ্য বিভাগে জনোৱা মতে, দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত কৰ’ণাত আক্ৰান্ত হৈছে সৰ্বমুঠ ১,০৯৫ গৰাকী লোক । বৃহত্তৰ মৰাণ অঞ্চলত বৰ্তমানলৈকে মুঠ ৯ গৰাকী লোকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া হৈছে ৷

লগতে পঢ়ক: মৰাণত মঙলবাৰে 107 গৰাকী লোক কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.