ETV Bharat / state

টিংখাঙত চৰকাৰৰ বিৰুদ্ধে আটছাৰ সজাগতা সভা

author img

By

Published : Mar 20, 2021, 6:55 PM IST

আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ৰাজ‍্যজুৰি চাহ বাগিচাসমূহত অনুষ্ঠিত কৰা হৈছে সজাগতা সভা ৷ সভাৰ জৰিয়তে কংগ্ৰেছ-বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে ।

টিংখাঙত চৰকাৰৰ বিৰুদ্ধে আটছাৰ সজাগতা সভা
টিংখাঙত চৰকাৰৰ বিৰুদ্ধে আটছাৰ সজাগতা সভা

টিংখাং,২০ মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত শেহতীয়াকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) ৰাজ্যখনৰ চাহ বাগিচাসমূহত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে । আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ৰাজ‍্যজুৰি চাহ বাগিচা সমূহত সজাগতা সভা অনুষ্ঠিত কৰি কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে ।

আটছাৰ টিংখাঙৰ ৰাজগড় শাখাৰ সমিতিৰ উদ্যোগত সৰুজনী, নীলমণি, কৰঙণী, লংবৈ, পিঠাগুটি, ৰাজগড়, ডিৰাই আদি বাগিচাতো সজাগতা সভা অনুষ্ঠিত কৰা হয় । সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা আৰু ভূমি পট্টা প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি অভিযোগ তোলে সংগঠনটোৱে ।

চাহ জনগোষ্ঠীক বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি সমাগত বিধানসভা নিৰ্বাচনত গেৰুৱা দলটোক উত্তৰ দিয়াৰ বাবে এই সজাগতা সভা অনুষ্ঠিত কৰা বুলি আটছাৰ নেতৃত্বই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ ৰেলীৰ সন্মুখত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.