টিংখাং, ৩১ জানুৱাৰী: শনিবাৰে টিংখাঙত আটাছু ৰাজগড়ৰ আঞ্চলিক সমিতিৰ ষষ্ঠ দ্বি বাৰ্ষিক প্ৰতিনিধি সভা আৰু এখনি বিষয় বাচনি সভা অনুষ্ঠিত হয় । টিংখাং সদৌ টাই আহোম ছাত্ৰ সন্থা, আটাছু ৰাজগড়ৰ আঞ্চলিক সমিতিৰ ষষ্ঠ দ্বি বাৰ্ষিক প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভাখন টিংখাঙৰ দুই নং শগুনেছোৱা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।

সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাখন । এই প্ৰতিনিধি সভাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৰাজগড়ৰ আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰিণ্টু বৰুৱা, কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি দিহিঙীয়া, সম্পাদক লাচিত ফুকনক নিৰ্বাচিত কৰি নতুন সমিতি গঠন কৰে । লগতে ৰিদিপ চোলাধৰা ফুকনক ডিব্ৰুগড় জিলা সমিতিৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰে ।

বিষয়-বাচনি সভাত আটাছু, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দেৱজিত গগৈ, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি লগতে যুটীয়া সম্পাদকদ্বয় আৰু জিলাখনৰ বিষয়ববীয়াসকল, মৰাণ মহকুমা সমিতিৰ সভাপতি, সম্পাদক আৰু সহকাৰী সম্পাদক, আঞ্চলিক সমিতি আৰু শাখা সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ।
লগতে পঢ়ক:কিয় দিছিল নাম কৰ্তনৰ নিৰ্দেশঃ পুণৰ NRC কৰ্তৃপক্ষক জাননী উচ্চতম ন্যায়ালয়ৰ