ETV Bharat / state

প্ৰাক-স্বাধীন যুগৰ পৰা বৌদ্ধিক যাত্ৰাৰ পোহৰ বিলোৱা সোণাৰিৰ ডি এল লাইব্ৰেৰী

author img

By

Published : Jul 24, 2021, 5:03 PM IST

বৰ্তমান সময়ত কাগজৰ কম ব্যৱহাৰ তথা ডিজিটেল পদ্ধতি সমূহৰ বাবে মানুহৰ কিতাপ পঢ়াৰ যি পুৰনি অভ্যাস সেই অভ্যাস নোহোৱা হৈছে ৷ কিন্তু এনে সময়তে কিতাপৰ প্ৰতি নৱ প্ৰজন্মক পুনৰ আকৰ্ষিত কৰিবলৈ বিভিন্ন পন্থা হাতত লৈছে ডিএল লাইব্ৰেৰীয়ে ৷

The intellectual journey movement of the DL Library is intact in Sonari
সোণাৰিত অক্ষুন্ন আছে ডি এল লাইব্ৰেৰীৰ বৌদ্ধিক যাত্রাৰ আন্দোলন

মৰাণ, 24 জুলাই : সম্প্ৰতি হাতৰ টিপতেই থকা মোবাইল ফোনটোৱে গোটেই পৃথিৱীখন আমাৰ জেপতেই ভৰাই থৈছে ৷ বৰ্তমান সময়ত কাগজৰ কম ব্যৱহাৰ তথা ডিজিটেল পদ্ধতি সমূহৰ বাবে মানুহৰ কিতাপ পঢ়াৰ যি পুৰণি অভ্যাস সেই অভ্যাস নোহোৱা হৈছে ৷ কিন্তু এনে সময়তে কিতাপৰ প্ৰতি নৱ প্ৰজন্মক পুনৰ আকৰ্ষিত কৰিবলৈ বিভিন্ন পন্থা হাতত লৈছে ডিএল লাইব্ৰেৰীয়ে ৷ স্বাধীনতা আন্দোলনৰ সময়ত চৰাইদেউৰ সোণাৰিত বৌদ্ধিক যাত্ৰাৰ আন্দোলনৰ পোহৰ বিলাইছিল ডি এল লাইব্ৰেৰীয়ে ৷

বাতৰি কাকত আৰু আলোচনী সমূহে বৌদ্ধিক আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । কিন্তু পাঠকৰ অভাৱত ক্ৰমাৎ হেৰাই গৈছে কাকত আলোচনী বিক্ৰী কৰা দোকান সমূহ । প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশে কাকত আলোচনীৰ পাঠক নোহোৱা কৰিছে । ইয়াৰ মাজতো ভাৰত স্বাধীন হোৱাৰ আগতে প্ৰতিষ্ঠিত চৰাইদেউৰ সোণাৰিৰ ডি এল লাইব্ৰেৰীয়ে (D L Libraray) আজিও নিজস্বতা জীয়াই ৰাখিছে । ১৯৪৬ চনতে প্ৰয়াত দ্বীজেন্দ্ৰলাল পাল নামৰ ব্যক্তিগৰাকীয়ে আৰম্ভ কৰিছিল ডি এল লাইব্ৰেৰী নামেৰে এই কাকতৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখন ।

বৰ্তমান উত্তৰাধিকাৰী হিচাপে দিপাংকৰ পালে পৰিচালনা কৰি আছে ডি এল লাইব্ৰেৰী । বাতৰি-কাকত আলোচনীৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে 17 জনক সংস্থাপন দিছে সোণাৰিৰ দিপাংকৰ পালে ।

1946 চনতে ককাকে স্থাপন কৰা ডি এল লাইব্ৰেৰীৰ (D L Libraray) জৰিয়তে আত্মসংস্থাপন লাভ কৰিছে দিপাংকৰ পালে । উল্লেখ্য যে, চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ এখন অন্যতম ব্যৱসায়িক প্ৰতিষ্ঠান হ'ল ডি এল লাইব্ৰেৰী । সোণাৰিৰ এমুঠিমান সাহিত্য-সংস্কৃতিপ্ৰেমী ৰাইজক সাম্প্ৰতিক পৰিস্থিতি তথা ঘটনাৱলীৰ সৈতে একাত্ম কৰিবলৈ ১৯৪৬ চনতে প্ৰয়াত দ্বীজেন্দ্ৰলাল পাল নামৰ ব্যক্তিগৰাকীয়ে আৰম্ভ কৰিছিল কাকতৰ ব্যৱসায় ।

কলকাতাৰ পৰা প্ৰকাশিত "আনন্দ বাজাৰ পত্ৰিকা"ৰ পাঁচটা কপিৰ জৰিয়তে আৰম্ভ কৰিছিল ব্যৱসায় । সোণাৰি নগৰৰ শিশু শিক্ষাৰ বাটকটীয়া মদনমোহন প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰয়াত দ্বীজেন্দ্ৰলাল পালে নিজৰ লগতে আন বহুজনক দেশ-বিদেশৰ খবৰৰ সৈতে পৰিচিত কৰিবলৈকে আনন্দ বাজাৰ পত্ৰিকাৰ মাত্ৰ পাঁচটা কপিৰ জৰিয়তে সেৱাভিত্তিক ব্যৱসায় আৰম্ভ কৰে । সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনকেই ক্ৰমে তিনিটা প্ৰজন্মই আজিলৈকে চলাই অহাৰ লগতে জীৱিকা নিৰ্বাহৰ বাট মুকলি কৰি লৈছে । ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ প্ৰতিষ্ঠাতা দ্বীজেন্দ্ৰলাল পালৰ মৃত্যুৰ পাছত ক্ৰমে তিনিটা প্ৰজন্মই অব্যাহত ৰাখিছে ব্যৱসায় ।

শেহতীয়াকৈ দিপাংকৰ পালে ডিএল লাইব্ৰেৰীৰ ব্যৱসায় প্ৰসাৰ কৰাৰ লগতে কাকত আলোচনীৰ ব্যৱসায়ৰ জৰিয়তে নিজকে আৰ্থিকভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ডিএল লাইব্ৰেৰী বহুতৰ বাবে এক ব্যৱসায় হ'লেও বহুতৰ বাবে এক আবেগ ডি এল লাইব্ৰেৰী। আজিও দেশ বিদেশৰ খবৰ ল'বলৈ পুৱাৰ পৰা গধূলীলৈকে ডিএল লাইব্ৰেৰীত ভিৰ কৰে বহু জনে ।

লগতে পঢ়ক:ভাওনাৰ পট অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.