ETV Bharat / state

দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - পূবৰ আমেজন খ্যাত দিহিং পাটকাই

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এক নিৰ্বাচনী টোপ নে প্ৰকৃততে জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি অসমৰ জৈৱ বৈচিত্ৰ চহকী কৰাৰ কথা ভাবিছে চৰকাৰে ? সেইয়া সময়ত হে স্পষ্ট হ'ব....

Assam's Dehing Patkai
দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jul 7, 2020, 9:14 PM IST

নাহৰকটীয়া, 7 জুলাইঃ পূবৰ আমেজন খ্যাত দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৰাজ্য চৰকাৰে । বন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ উপস্থিতিত সোমবাৰে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ এই সংক্ৰান্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Assam's Dehing Patkai
দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, লক ডাউন চলি থকাৰ মাজতেই অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ প্ৰায় ৯৮ হেক্টৰ ভূমিত কয়লা খননৰ বাবে “নেচনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফ” নামৰ চৰকাৰী সংস্থাটোৱে অনুমতি প্ৰদান কৰাত সৃষ্টি হৈছিল বহু বিতৰ্কৰ ৷ সমগ্ৰ বিতৰ্কৰ অৱসান ঘটাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ কিন্তু প্ৰাকৃতিক সম্পদ লুণ্ঠন ৰোধত ব্যৰ্থ হোৱা চৰকাৰখনৰ এই সিদ্ধান্তৰ আঁৰৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বহুজনে ৷ অভয়াৰণ্যখনত চলি থকা অবৈধ খনন কাৰ্য বন্ধ কৰাৰ লগতে দুৰ্নীতিত ন্যস্ত বিষয়া কৰ্মচাৰীসকলৰ ক্ষেত্ৰটো বিজেপি চৰকাৰখনে কোনোদিনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷ গতিকে এই ঘোষণা কাৰ্যক্ষেত্ৰত যে পৰিণত কৰিব তাত সন্দেহ প্ৰকাশ কৰিছে জেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়াই ৷

অন্যহাতে, ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে প্ৰকৃতিপ্ৰেমী তথা পৰিৱেশ সুৰক্ষা কৰ্মীসকলে ৷ ২০০৪ চনতে অভয়াৰণ্যৰ মৰ্যাদা পাইছিল দিহিং পাটকায়ে ৷ কিন্তু বিগত কেবাবছৰে ইয়াৰ ভিতৰচৰাত শিল, কুণ্ডা, কয়লাক লৈ চোৰাং বেহা চলি থকাৰ বাতৰি বিভিন্ন সময়ত সম্প্ৰচাৰ হৈ আহিছে ৷ তৎসত্বেও অভয়াৰণ্যখনৰ আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত বিগত সময়ত কোনোধৰণৰ গুৰুত্ব নিদিয়া চৰকাৰখনে হঠাৎ লোৱা এনে এক সিদ্ধান্তক আদৰণী জনাইছে একাংশ ৰাইজে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.