ETV Bharat / state

আৰ্তজনলৈ সাহাৰ্য আগবঢ়ালে কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাশে

মৰাণহাট আৰক্ষীৰ ফুড ফৰ অল কাৰ্যসূচী ৷ লক্ ডাউনৰ আৰম্ভণিৰ পৰা আজি লৈকে একেৰাহে সমাজকৰ্মীৰ সহযোগত আৰ্তজনক দুপৰীয়া এসাঁজ যোগান ধৰি আহিছে মৰাণহাট আৰক্ষীয়ে । মৰাণহাট আৰক্ষী থানাই প্ৰত্যেকদিনাই সমাজকৰ্মী আৰু দল সংগঠনৰ সহযোগত ১৫০ জনতকৈ অধিক লোকক আহাৰ যোগান ধৰি আহিছে । সোমবাৰে এই কাৰ্যসূচীৰ অন্তৰ্গত খাদ্য বিতৰণ কৰিলে কণ্ঠশিল্পী নীলআকাশ, কুসুম কৈলাশে ৷

Neel akash and kushum kailash distributed food in Moran
দৰিদ্ৰজনক খাদ্য বিতৰণ কৰিলে কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাশে
author img

By

Published : May 5, 2020, 2:19 PM IST

মৰাণ,5 মে'ঃলক্ ডাউনত স্তব্ধ জনজীৱন । মহামাৰী ক'ৰণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ অহৰহ চেষ্টা কৰিছে চৰকাৰে । লক্ ডাউনৰ ফলত খাদ্য সংকটত পৰিছে দৈনিক হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া লোকসকল ।

দৰিদ্ৰজনক খাদ্য বিতৰণ কৰিলে কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাশে
এনে সময়তে দৰিদ্ৰ লোকসকলক এসাঁজ খুওৱাৰ উদ্দেশ্য়ে ফুড ফৰ অল নামৰ কাৰ্যসূচী লৈছে মৰাণহাট আৰক্ষীয়ে । লক্ ডাউনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে একেৰাহে সমাজকৰ্মীৰ সহযোগত আৰ্তজনক দুপৰীয়া এসাঁজ যোগান ধৰি আহিছে মৰাণহাট আৰক্ষীয়ে । মৰাণহাট আৰক্ষী থানাই প্ৰত্যেকদিনাই সমাজকৰ্মী আৰু দল সংগঠনৰ সহযোগত ১৫০ জনতকৈ অধিক লোকক আহাৰ যোগান ধৰি আহিছে । সোমবাৰে এই আহাৰ যোগান ধৰে জনপ্ৰিয় কণ্ঠ শিল্পী নীলআকাশ, কুসুম কৈলাশ আৰু মীৰ দীপে। সোমবাৰে আহাৰ বিতৰণ কাৰ্যসূচীত মৰাণহাট আৰক্ষী থানাত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে বহুকেইজন উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.