ETV Bharat / state

Assamese traditional instruments : নিজ বাসগৃহতে লোকবাদ্যৰ সম্ভাৰ গঢ়ি তুলিছে ভূপেন গগৈয়ে

author img

By

Published : Apr 7, 2023, 9:56 PM IST

ওচৰ চাপি আহিছে হেঁপাহৰ ৰঙালী (Rangali Bihu 2023)। গাত তত নাইকিয়া এতিয়া ৰাজ্যবাসীৰ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনিৰ মাত । বিহুটি বুলি লোকবাদ্য শিল্পী ভূপেন গগৈৰো ব্যস্ততা বাঢ়িছে (Assamese traditional instruments made by Tingkhong artist) ৷ বিহুৰ প্ৰশিক্ষণ দিয়াৰ লগতে ঢোল, পেঁপা, গগণা আদি লোকবাদ্য নিৰ্মাণত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

Assamese traditional instruments
ওচৰ চাপি আহিছে হেঁপাহৰ ৰঙালী
ভূপেন গগৈয়ে নিজ বাসগৃহতে গঢ়ি তুলিছে থলুৱা লোকবাদ্যৰ সম্ভাৰ

ডিব্ৰুগড়, 7 এপ্ৰিল : পদুলি মুখত অসমীয়া হেঁপাহৰ ৰঙালী বিহুটি ( Rangali Bihu 2023) । চৌদিশে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Preparation of Bohag Bihu)। ক’ৰবাত যদি চলিছে বিহুনাচৰ আখৰা, আন ক’ৰবাত আকৌ চলিছে ঢোল বাদনৰ কৰ্মশালা ৷ প্ৰকৃতিয়েও সলাইছে নিজৰ বৰণ ৷ গছৰ ডালত ন-কুঁহিপাতে মেলিছে পোখা ৷ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিছে এতিয়া ৰাজ্য ৷ এনেদৰে আহিছে এতিয়া ব’হাগৰ বা ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ টিংখাঙতো একেই পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হৈছে । বাপতি সাহোন বিহুটিৰ সৈতে সংপৃক্ত হৈ থকা বিভিন্ন লোকবাদ্য নিৰ্মাণত ব্যস্ত হৈ পৰিছে টিংখাঙৰ এগৰাকী লোকবাদ্য শিল্পী ৷ নাম ভূপেন গগৈ । সুদীৰ্ঘ দিন ধৰি লোকবাদ্যৰ লগত জড়িত ভূপেন গগৈয়ে তেওঁৰ নিজৰ বাসগৃহতে গঢ়ি তুলিছে লোকবাদ্যৰ এক সম্ভাৰ (Assamese traditional instruments made by Tingkhong artist) ।

ঢোল, পেঁপা, গগণা আদি প্ৰতিবিধ লোকবাদ্যই নিজে তৈয়াৰ কৰে লোকবাদ্য শিল্পী ভূপেন গগৈয়ে । প্ৰত্যেক বছৰে ব’হাগ বিহুৰ পূৰ্বে তেওঁৰ এই প্ৰতিষ্ঠানত ভিৰ হয় গ্ৰাহকৰ । টিংখাঙৰ থুলাই গাঁৱৰ এইগৰাকী শিল্পীয়ে নিজৰ প্ৰতিষ্ঠানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ঢোলবাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক : Dhol traders busy making Dhol: কলিয়াবৰৰ বিশ্ব বাদ‍্যকাৰৰ ওচৰত ঢুলীয়াৰ ভিৰ

উল্লেখযোগ্য যে, কৃষ্টি-সংস্কৃতিৰ লগতে এটা জাতিৰ পৰিচয় বহন কৰে লোকবাদ্যই । আজিৰ প্ৰজন্মই লোকবাদ্য কি, ইয়াৰ মহত্বৰ বিষয়ে জ্ঞাত হয় নে নহয় সেয়াহে আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ কথা । থলুৱা লোকবাদ্য সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰি আহিছে ৰাজ্যৰ মুষ্টিমেয় কেইজনমানেহে । তাৰ ভিতৰত অন্যতম টিংখাঙৰ এইগৰাকী লোকবাদ্য শিল্পী ভূপেন গগৈ । 2005 চনৰ পৰা এই বিদ্যাৰ লগত জড়িত হৈ আছে তেওঁ ৷

ঢোল বাদনৰ লগতে প্ৰায়বোৰ লোকবাদ্য বজাব জানে এইগৰাকী লোকবাদ্য শিল্পী ভূপেন গগৈয়ে ৷ ইয়াৰ উপৰিও এই শিল্পীগৰাকীয়ে দিহানাম, টোকাৰী গীত, ঝুমুৰ আদি বিভিন্ন জনগোষ্ঠীৰ লোক সংগীততো পাৰ্গত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকবাদ্যৰ বিভিন্ন কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি শ শ শিশু, কিশোৰ-কিশোৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে এইজন লোকবাদ্য শিল্পীয়ে ।

লগতে পঢ়ক : Rangali Bihu 2023 : ব’হাগৰ প্ৰাক ক্ষণত খোঙাৱৰ বতাহত বিয়পিছে কেতেকীৰ ৰেণু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.