ETV Bharat / state

চাম অথবা কঁঠাল কাঠ নহয় এইবাৰ কাগজেৰে সাজি উলিয়ালে বিহুৰ ঢোল !

author img

By

Published : Apr 13, 2020, 8:58 PM IST

মহামাৰী কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে এইবাৰ হেঁপাহৰ ৰঙালী বিহুৰ উচাহ ম্লান পৰিল যদিও অসমীয়াৰ মনটোক দমাই ৰাখিব পৰা নাই। ম'হৰ শিঙৰ পেঁপাৰ পৰিৱৰ্তে কাগজৰ পেঁপা নিৰ্মাণ কৰি ইতিপূৰ্বে চৰ্চা লাভ কৰা ডিব্ৰুগড়ৰ লোকবাদ্য শিল্পীয়ে লক্ ডাউনৰ সময়তেই নিৰ্মাণ কৰি উলিয়ালে কাগজৰ ঢোল। যিটো ঢোল চাম অথবা কঁঠাল কাঠৰ ঢোলতকৈ কোনো গুণেই কম নহয় ।

assamese traditional drum made by paper in dibrugarh

ডিব্ৰুগড়, 13 এপ্ৰিল : অসমীয়া জাতীয় জীৱনৰ অন্যতম এটি লোকবাদ্য হৈছে ঢোল। ঢোলক বাদ দি বিহুৰ কথা ভাবিবই নোৱাৰি । এই ঢোল প্ৰধানকৈ চাম কাঠ বা কঁঠাল গছৰ গুৰি অংশৰ যোগেদি নিৰ্মাণ কৰা পদ্ধতি যু্গে যুগে প্ৰচলিত হৈ আহিছে । কিন্তু আজি আমি এনেকুৱা এটা ঢোল দেখুওৱাম, যিটো ঢোল নিৰ্মাণ কৰা হৈছে কেৱল কাগজেৰে। অন্য বিহুঢোলৰ লগত সমানে ফেৰ মাৰিব পৰা এই ব্যতিক্ৰমী ঢোলটো নিৰ্মাণ কৰি ওলিয়াইছে ডিব্ৰুগড় চহৰৰ গান্ধীনগৰৰ নিৱাসী লোকশিল্পী মৃদুল বৰাই ।

এইবাৰ কাগজেৰে সাজি উলিয়ালে বিহুৰ ঢোল !

১৯৮৫ চনৰ পৰা বিহু সংস্কৃতি চৰ্চা কৰি থকা এইগৰাকী লোকশিল্পীয়ে এক কেজি বাতৰি কাকতৰ জৰিয়তে মুঠ ২৫ দিনৰ ভিতৰত নিমাৰ্ণ কৰি উলিয়াইছে এই ব্যতিক্ৰমী ঢোলটো। যাৰ মূল্য আন ঢোলতকৈ বহু গুণে কম । আন ঢোলৰ সমানেই শব্দ,বোল উৎপন্ন হয় এই ঢোলৰ পৰা। প্ৰাকৃতিক সম্পদ ধংস নকৰি ঢোলক অন্যধৰণে নিৰ্মাণ কৰিও যে এই লোকবাদ্যক জীয়াই ৰাখিব পাৰি তাকেই প্ৰতিয়মান কৰিলে এইগৰাকী লোকশিল্পীয়ে। এইগৰাকী লোক শিল্পীয়ে পূৰ্বে ম'হৰ শিঙৰ পেঁপাৰ বিপৰীতে নিৰ্মাণ কৰিছিল কাগজৰ পেঁপা। যি মাত শুনিলে আপুনি ধৰিব নোৱাৰিব যে এইয়া কাগজৰ পেঁপা নে ম'হৰ শিঙৰ পেঁপাৰ মাত। মাত্ৰ তিনি চাৰি খন বাতৰি কাগজেৰে নিৰ্মাণ কৰা এই পেঁপা ইতিমধ্যে যথেষ্ট চৰ্চিত হোৱা লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়া সকলে সংগ্ৰহ কৰিছে ।

অসমত প্ৰথমবাৰৰ বাবে এই দুয়োবিধ লোকবাদ্য নতুন পদ্ধতিৰে নিৰ্মাণ কৰি এক নজিৰ সৃষ্টি কৰিছে এইগৰাকী শিল্পীয়ে। ঢোল আৰু পেঁপাৰ লগতে লোকবাদ্য শিল্পীগৰাকীয়ে ইতিমধ্যে গগনা, সুতুলি, ঢোলবিৰি, জোনবিৰি, কাকৈ ফণী, বাঁহী আদি বিহু লোকবাদ্যসমূহহো নিৰ্মাণ কৰি বিভিন্ন স্থানলৈও প্ৰেৰণ কৰি আহিছে।
লগতে পঢ়ক : কোৱাৰেন্টাইন কক্ষৰ পৰা সন্তানলৈ মনত পেলাই চকু সেমেকি উঠিল চিকিৎসক-নাৰ্চৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.