ETV Bharat / state

মৰাণৰ কাৱৈমাৰীত অসমীয়াগিৰি - footwear making factory at moran

বহিঃৰাজ্যৰ পৰা উভতি আহি মৰাণৰ এজন যুৱকে দাঙি ধৰিছে অসমীয়াগিৰিৰ দৃষ্টান্ত ৷ এটা টায়াৰ কাৰখানাত কাম কৰি দুটা বছৰে লাভ কৰা অভিজ্ঞতাক লৈ এজন যুৱকে আৰম্ভ কৰিছে চেণ্ডেল প্ৰস্তুত কৰা কাৰখানা ৷ ক'ভিডৰ বাবে কৰ্মসংস্থাপন হেৰুৱাই চেণ্ডেলৰ কাৰখানা আৰম্ভ কৰা যুৱকজন প্ৰাঞ্জল শইকীয়া ৷

A_Moran_8011to816_An ideal youth of Lengeri_As10031
মৰাণৰ কাৱৈমাৰীত অসমীয়াগিৰি
author img

By

Published : Jul 10, 2021, 7:07 PM IST

Updated : Jul 28, 2021, 7:15 PM IST

মৰাণ,9 জুলাই: মৰাণৰ অন্তৰ্গত লেঙেৰী কাৱৈমাৰি গাঁৱত এজন যুৱকে দেখুৱাইছে অসমীয়াগিৰি ৷ নিজ ঘৰতে চেণ্ডেল প্ৰস্তুত কৰা কাৰখানা খুলি স্বাৱলম্বী হোৱাৰ পথত অগ্ৰসৰ হৈছে কভিডৰ বাবে কৰ্ম সংস্থাপন হেৰুৱাই বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতি অহা যুৱক প্ৰাঞ্জল শইকীয়া নামৰ এজন যুৱক ৷ এটা টায়াৰ কাৰখানাত কাম কৰি দুটা বছৰে লাভ কৰা অভিজ্ঞতাক লৈ যুৱকজনে ঘৰতে আৰম্ভ কৰিছে চেণ্ডেল প্ৰস্তুত কৰা কাৰখানাটো ৷ প্ৰায় ৩ লাখ টকা মূলধন খৰচ কৰি যুৱকজনে আৰম্ভ কৰিছে এই বিশেষ কামটো ৷

মৰাণৰ কাৱৈমাৰীত অসমীয়াগিৰি

মহামাৰী ক'ভিডৰ সংহাৰী ৰূপ আৰম্ভ হোৱাৰ পূৰ্বে কেৰালাৰ এটা টায়াৰ নিৰ্মাণ কৰা কাৰখানাত নিয়োজিত হৈ আছিল প্ৰাঞ্জল ৷ কিন্তু ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি কৰ্ম সংস্থাপন হেৰুৱাই ঘৰলৈ উভতিব লগীয়া হৈছিল যুৱকজন ৷ ইমানৰ পাচতো হতাশ নহৈ যুৱকজনে নিজ ঘৰতে আৰম্ভ কৰিলে এটা চেণ্ডেল প্ৰস্তুত কৰা কাৰখানাটো ৷ নিজ কাৰখানাত প্ৰস্তুত হোৱা চেণ্ডেলে ডিব্ৰুগড় জিলাৰ বজাৰত বিশেষ সমাদৰ পাইছে বুলি জনালে প্ৰাঞ্জলে ৷

উদ্যোগটো আগুৱাই নিয়াৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাক সহায়ৰ বাবে আহ্বান জনাইছে প্ৰাঞ্জলে । কিয়নো বহিঃৰাজ্যৰ কাৰাখানা বোৰৰ লগতে সমানে ফেৰ মাৰিবলৈ ক্ৰয় কৰিব লগীয়া হয় অত্যাধুনিক যন্ত্ৰ ৷ যাৰ বাবে সক্ষম নহয় প্ৰাঞ্জল ৷ তথাপি কৰ্ম বিমুখ হৈ হতাশ হৈ পৰা বহু যুৱক-যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে প্ৰাঞ্জল শইকীয়া ৷

লগতে পঢ়কঃ স্বাস্থ্য-বিভাগৰ পয়ালগা অৱস্থা: দুজন স্বাস্থ্যকৰ্মীয়ে চলাইছে স্বাস্থ্যকেন্দ্ৰ

Last Updated : Jul 28, 2021, 7:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.