ETV Bharat / state

Rongali Bihu preparation at Dibrugarh: তাঁ‌তশালত বিহুৱান বোৱাত ব্যস্ত শিপিনী - Preparation of Rongali Bihu

তাঁতশালত ব্যস্ত গাঁৱৰ জীয়াৰী-বোৱাৰী (Rongali Bihu preparation in Assam)। আপোনজনৰ বাবে ফুলাম গামোচাখন ব'বলৈ এই ব্য়স্ততা । ইয়াৰ যেন নাই অন্ত ।

Rongali Bihu preparation in Assam
তাঁতশালত ব্যস্ত জীয়াৰী-বোৱাৰী
author img

By

Published : Mar 30, 2023, 4:47 PM IST

তাঁতশালত ব্যস্ত জীয়াৰী-বোৱাৰী

মৰাণ, ৩০ মাৰ্চ: পদুলি মুখত ৰঙালী বিহুটি । ৰাজ্যৰ চাৰিওফালে এতিয়া ঢোলৰ গুম-গুমনি । ব্যাপকভাৱে চলিছে বিহুৰ আয়োজন । তাঁতশালত বিহুৱান আৰু গাঁৱে গাঁৱে ঢেঁকীৰ শব্দত মুখৰিত ৰাজ্য । ফুলিছে কপৌ, নাহৰ, তগৰ । প্ৰকৃতিয়ে ন–সাজেৰে দিলেহি ব’হাগৰ বতৰা । ঢোল–পেঁপাৰ শব্দত ৰজন জনাইছে ৰাজ্য । বসন্তৰ নকৈ গজা কোঁহবোৰত সেউজীয়া বৰণ ছটিয়াই বাসন্তিবুলীয়া সাজেৰে শোভিত হৈছে প্ৰকৃতিও । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি (Preparation of Rongali Bihu)। ব্যতিক্ৰম নহয় উজনি অসমৰ ডিব্ৰুগড় জিলা । জিলাখনৰ বিভিন্ন গাঁৱত এতিয়া ঢোলৰ গুম-গুমনিৰ শব্দৰে মুখৰিত হৈ পৰিছে । ইফালে, গাঁৱৰ জীয়াৰী-বোৱাৰীসকল ব্যস্ত হৈ পৰিছে তাঁতশালত বিহুৱান, ৰুমাল আদি বোৱাত ।

আনন্দ মনেৰে তাঁতশালত ব্যস্ত হৈ পৰা দুই এগৰাকী জীয়াৰী-বোৱাৰীৰ মুখত বিহু নামৰ কলিও শুনিবলৈ পোৱা গৈছে । আপোনজনৰ বাবে ফুলাম গামোচাখন দিবলৈ তাঁ‌তশালত লগাইছে গামোচা (Preparation of Gamocha at Moran)। ৰাজ্য়ৰ আন ঠাইৰ লগতে মৰাণতো ব্যস্ত হৈ পৰিছে শিপিনীসকল । ইফালে, অসম চৰকাৰে বহিঃৰাজ্যৰ বিদ্যুৎ চালিত গামোচা, মেখেলা চাদৰ আদি অসমত বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে আনন্দিত হৈ পৰিছে হস্ত তাঁতশালৰ শিপিনীসকল । এই প্ৰসংগত একাংশ শিপিনীয়ে কয় যে বহিঃৰাজ্যৰ গামোচা কম দামতে দোকানত উপলব্ধ হোৱাৰ বাবে স্থানীয় শিপিনী সকলৰ গামোচা বিক্ৰী কৰিব পৰা নাছিল । চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে শিপিনীসকলে ।

আনহাতে, ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু আখৰা আৰু বিহু কৰ্মশালা । বিহু সন্মিলনসমূহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এই কৰ্মশালাসমূহত কণ-কণ ল'ৰা-ছোৱালীৰ পৰা যুৱক-যুৱতীলৈকে বহুতে বিহু নাচ, হুঁ‌চৰি, ঢোল বাদন আদি প্ৰশিক্ষণ গ্ৰহণ কৰিছে । মুঠৰ ওপৰত অতিকৈ চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি ।

লগতে পঢ়ক:Pak ex Army chief Bajwa : পূৰ্বৰ সেনা প্ৰধানেও ৩ বছৰ চাকৰি সম্প্ৰসাৰণ বিচাৰিছিল, প্ৰাক্তন পাক সেনা প্ৰধান বাজৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.