ETV Bharat / state

ড্ৰাগছসহ আৰক্ষীৰ জালত আছাম ৰাইফলছৰ তিনি জোৱান

এইবাৰ ড্ৰাগছৰ ব্যৱসায়ত নামিল আছাম ৰাইফলছৰ জোৱান । নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ী ৰূপত অসম আৰক্ষীৰ জালত পৰিল অসম ৰাইফলছৰ তিনিজনকৈ জোৱান ।

assam-rifles-jawan-arrested-with-drugs
এইবাৰ ড্ৰাগছৰ ব্যৱসায়ত আছাম ৰাইফলছৰ জোৱান
author img

By

Published : Oct 22, 2021, 10:48 PM IST

ডিব্ৰুগড়, 22 অক্টোবৰ : ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ হ’ল তিনিজনকৈ আছাম ৰাইফলছৰ জোৱান । প্ৰায় এক কোটি টকাৰ মূল্যৰ হেৰ’ইন আৰু নগদ ধন জব্দ কৰা হ’ল জোৱান কেইজনৰ পৰা । ৰাজ্য জুৰি ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে স্বয়ং আছাম ৰাইফলছৰ জোৱানেই ড্ৰাগছ ব্যৱসায়ত জড়িত হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

এইবাৰ ড্ৰাগছৰ ব্যৱসায়ত আছাম ৰাইফলছৰ জোৱান

উল্লেখযোগ্য যে, ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২৬৯ গ্ৰাম মাৰাত্মক হে'ৰইনসহ গ্ৰেপ্তাৰ কৰে আছাম ৰাইফলছৰ তিনি জোৱানসহ এজন সাধাৰণ লোকক । ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ডিব্ৰুগড়ৰ জকাইৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লোক কেইজনক । জানিব পৰা মতে, ডিমাপুৰৰ পৰা হেৰ’ইন খিনি ক্ৰয় কৰি উজনি অসমৰ তিনিচুকীয়াৰ এজন লোকক দিয়াৰ বাবে আনি আছিল লোক কেইজনে ।

আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ , অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া সহ বৃহৎ আৰক্ষীৰ দল এটাই গোপন সূত্ৰৰ পম খেদি AS 07 এল 4096 নম্বৰৰ বলেৰ' বাহনখনৰ সৈতে আটক কৰে লোককেইজনক ।

ইয়াৰ পিছতে, আৰক্ষীয়ে তদন্ত চলাই ডেৰগাঁৱৰ পৰাও NL11 2673 নম্বৰৰ এখন Xenon বাহন জব্দ কৰিবলৈ সক্ষম হয় । নিষিদ্ধ হেৰ’ইনৰ লগতে নগদ ৪০,০০০ টকা আৰু কেইবাযোৰ সেনাৰ পোছাক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । লোককেইজনে ড্ৰাগছহমূহ ডিমাপুৰৰ এগৰাকী মহিলাৰ পৰা ক্ৰয় কৰি তিনিচুকীয়াত এজন লোকক দিয়াৰ উদ্দেশ্য গৈ আছিল বুলি জানিব পৰা গৈছে ।

ক’হিমাত কৰ্মৰত আছাম ৰাইফলছৰ তিনি জোৱানসহ সাধাৰণ লোকজনে আৰক্ষীৰ আগত হেৰ’ইনখিনি সৰবৰাহৰ কথা স্বীকাৰ কৰিছে । অসামৰিক পোছাকত গ্ৰেপ্তাৰ কৰা ধৃত জোৱানকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 2036/21 নম্বৰৰ গোচৰ ৰুজু হৈছে ৷

IPC 22(c)/27/29 NDP's act অধীনত গ্ৰেপ্তাৰৰ পিছতে তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । ধৃত আছাম ৰাইফলছৰ জোৱান কেইজন হৈছে বিহাৰৰ বিনয় কুমাৰ, কাছাৰৰ ৰণজিত কুমাৰ সিনহা, ডিমাপুৰৰ পেজাত হৌলিক ৰূপৰিঅ’ ৷ তেওঁলোকৰ সৈতে ধৰা পৰা সাধাৰণ লোকজন মণিপুৰৰ জিনুছ খান বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বজাৰত মূল্য বৃদ্ধিৰ জুই; চৰকাৰক নিদ্ৰাৰ পৰা জগাবলৈ আছুৰ গণ সত্যাগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.