ETV Bharat / state

অসমত ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়জন ৰোগীৰ মৃত্যু - ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়

মৃত্যুৰে হাৰ মানিলে অসমৰ ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়গৰাকী ৰোগীয়ে ৷ 15 দিন ধৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল লোকগৰাকী ৷ ক'ভিডত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পাচতে লোকগৰাকীৰ দেহত ব্লেক ফাংগাছৰ অৱস্থিতি ধৰা পৰিছিল ৷ অতিৰিক্ত মধুমেহ ৰোগ থকাৰ বাবেই তেওঁৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

assam reports second death from black fungus
অসমত ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়জন ৰোগীৰ মৃত্যু
author img

By

Published : Jul 1, 2021, 2:36 PM IST

ডিব্ৰুগড়, 1 জুলাই: অৱশেষত মৃত্যুৰে হাৰ মানিলে অসমৰ ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়গৰাকী ৰোগীয়ে ৷ বিগত 15 দিন ধৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পাচত বৃহস্পতিবাৰে লখিমপুৰৰ 53 বছৰীয়া সুভাষ চাহু নামৰ ব্যক্তিগৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, ক'ভিডত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পাচতে লোকগৰাকীৰ দেহত ব্লেক ফাংগাছৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ পাচতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মেডিচিন বিভাগৰ Unit-3ত চিকিৎসকৰ এটি দলে লোকগৰাকীক চিকিৎসা কৰি আছিল ৷

অসমত ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়জন ৰোগীৰ মৃত্যু

উল্লেখ্য যে, দেশৰ আন ঠাইত ব্লেক ফাংগাছৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ পাচতো চিকিৎসা মহাবিদ্যালয়খনত ক'ভিড আক্ৰান্ত ৰোগীগৰাকীৰ দেহত ব্লেক ফাংগাছৰ উপস্থিতি ধৰা পৰে ৷ জানিব পৰা মতে, 1 জুনৰ পৰা 12 জুন পৰ্যন্ত ক'ভিড আক্ৰান্ত হৈ লখিমপুৰ চিভিল হাস্পতালত ভৰ্তি হৈ থকা লোকজনৰ ক'ভিড ফলাফল নিগেটিভ হোৱাৰ পাচত উশাহ লোৱাত অসুবিধা পোৱাৰ লগতে কাঁহত ভুগি থকাৰ বাবে 15 জুনত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

পষ্ট ক'ভিড ৰোগী হিচাপে তেওঁৰ তাৎক্ষণিক চিকিৎসা আৰম্ভ কৰোতেই মাৰাত্মক ব্লেক ফাংগাছৰ উপস্থিতি ধৰা পৰিছিল । ইয়াৰ পাচতে অসম চিকিৎসা মহাবিদ্যালয়ত পষ্ট ক'ভিডৰ বাবে থকা ৰেপিড একশ্যন টিমসহ চিকিৎসকে তাৎক্ষণিকভাৱে ৰোগীজনৰ চিকিৎসা আৰম্ভ কৰিছিল । উল্লেখ্য যে, তেওঁৰ ব্লেক ফাংগাছৰ অৱস্থিতি থকা অংশৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হৈছিল যদিও অতিৰিক্ত মধুমেহ ৰোগ থকাৰ বাবেই তেওঁৰ মৃত্যু হয় বুলি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীৰ দেহত Black fungus

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.