ETV Bharat / state

তিনি হাজাৰ টকা প্লেটৰ ভাত খাই জনতাৰ মূৰত ৰামটাঙোন মাৰিছে নেকি BJP য়ে ? - অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত ডিব্ৰুগড়ত কংগ্ৰেছৰ জাগৰণ অভিযান ৷ পেট্ৰল-ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে জনসাধাৰণক কোঙা কৰাৰ অভিযোগত এই কাৰ্যসূচী ৰূপায়ন কৰে প্ৰদেশ কংগ্ৰেছে ৷

assam-pradesh-congress-organizes-jan-jagaran-mission-in-dibrugarh
তিনি হাজাৰ টকা প্লেটৰ ভাত খাই জনতাৰ মূৰত ৰামটাঙোন মাৰিছে নেকি BJP য়ে ?
author img

By

Published : Nov 14, 2021, 4:55 PM IST

মৰাণ, 14 নবেম্বৰ : ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ জাগৰণ কাৰ্যসূচী । কাৰ্যসূচীত অংশগ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ঘোঁৰামৰা তিনিআলিৰ পৰা ঘোঁৰামৰা বজাৰলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে কংগ্ৰেছ দলে ।

এই কাৰ্যসূচীৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে দেওবাৰৰ শিশু দিৱস উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে । কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ উপৰিও প্ৰাক্তন সাংসদ ৰাণী নৰহ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন বিধায়ক ৰাজু চাহু, এতোৱা মুণ্ডা আদিকে ধৰি কেইবাগৰাকী কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে ।

ইফালে, এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভা ।

তিনি হাজাৰ টকা প্লেটৰ ভাত খাই জনতাৰ মূৰত ৰামটাঙোন মাৰিছে নেকি BJP য়ে ?

তেওঁলোকে অভিযোগ কৰে যে, বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে নিজেই তিনি হাজাৰ টকা প্লেটৰ ভাত খাই সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই মূল্যবৃদ্ধি ঘটাইছে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে পেট্ৰল-ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে জনসাধাৰণক কোঙা কৰিছে । জনসাধাৰণক আভুৱা ভৰা চৰকাৰখনক গৰিহণাৰে উপচাই পেলাবলৈকো আহ্বান জনাইছে ।

লগতে পঢ়ক : Ogran trafficking : ভূৱা পৰিচয়ৰে কিডনী সৰবৰাহত জড়িত চিকিৎসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.