ETV Bharat / state

পানীৰ বাবে খেতি কৰিব নোৱাৰা খৰাং অঞ্চলক চৰকাৰে দিব সাহাৰ্য - minister jogen mohan

প্ৰখৰ ৰ'দত বহু কৃষকৰ পথাৰত এতিয়া চিৰাল ফাট মেলিছে। কিছু কৃষকে পথাৰত ভূঁই ৰুইছিল যদিও বহুতে পানীৰ অভাৱত খেতিৰ কামত আগবাঢ়িব পৰা নাই । সম্প্ৰতি এটুপি পানীৰ বাবে কৃষকসকলে হাহাকাৰ কৰিব লগা হৈছে । ইয়াৰ মাজতে খৰাঙৰ বাবে কৃষি কাৰ্যত আগবাঢ়িব নোৱাৰা কৃষকসকলৰ বাবে সাহাৰ্যৰ আগবঢ়োৱাৰ কথা জনাইছে মন্ত্ৰী যোগেন মহনে ৷

পানীৰ বাবে খেতি কৰিব নোৱাৰা খৰাং অঞ্চলক চৰকাৰে দিব সাহাৰ্য

author img

By

Published : Jul 25, 2021, 10:28 PM IST

মৰাণ, 25 জুলাই : ক'ভিড(COVID-19)ৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকসকল ব্যস্ত এতিয়া পথাৰত । কিন্তু প্ৰখৰ ৰ'দত বহু কৃষকৰ পথাৰত এতিয়া চিৰাল ফাট মেলিছে । কিছু কৃষকে পথাৰত ভূঁই ৰুৱা আৰম্ভ কৰিছিল যদিও বহুতে পানীৰ অভাৱত খেতিৰ কামত আগবাঢ়িব পৰা নাই । এটুপি পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে । তাৰ মাজতে মন্ত্ৰী যোগেন মহন(minister jogen mohan)এ কৃষকসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

পানীৰ বাবে খেতি কৰিব নোৱাৰা খৰাং অঞ্চলক চৰকাৰে দিব সাহাৰ্য

"খৰাং বতৰৰ বাবে অসুবিধাৰ সন্মুখীন হোৱা কৃষকসকলক সাহাৰ্য আগবঢ়াব চৰকাৰে" বুলি উল্লেখ কৰিছে ৰাজহ মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী যোগেন মহনে লগতে কয়, খৰাং অঞ্চলত পানী যোগান ধৰিবলৈ জলসিঞ্চন বিভাগক নিৰ্দেশ দিয়া হৈছে । তাৰ পিছতো যদি সমস্যা সমাধান নহয় তেনেহলে খৰাং অঞ্চল ঘোষণা কৰি কৃষক সকলক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা সাহাৰ্য আগবঢ়োৱা হ'ব ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খৰাং বতৰৰ বাবে খেতিপথাৰত পানীৰ অভাৱত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱা সন্দৰ্ভত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই সন্দৰ্ভত জিলা উপায়ুক্ত সকলক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, ৰাজ্যত কোটি কোটি টকা খৰছ কৰি জলসিঞ্চন বিভাগে কৃষকক পানী যোগান ধৰিবৰ বাবে পানী যোগান ধৰা প্ৰকল্প নিৰ্মাণ কৰিছে ৷ কিন্তু কাৰ্যত যেতিয়া কৃষসক সকলক খেতি কৰিবলৈ পানী যোগান ধৰিব লাগে সেই সমূহ কাৰ্যক্ষম হৈ নাথাকে ৷ যাৰ ফলত খৰাং বতৰত ভয়ংকৰ বিপদত পৰিবলগীয়া হয় কৃষকসকল ৷

লগতে পঢ়ক: টকিঅ’ অলিম্পিকৰ তৃতীয় দিন: ৰাউণ্ড 16 প্ৰৱেশ মেৰী কমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.