ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়মঃ উচ্চ স্তৰীয় তদন্ত কমিটি গঠন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম তদন্ত কৰিবলৈ ৰাজ্যপাল তথা উচ্চ শিক্ষানুষ্ঠানখনৰ আচাৰ্য জগদীশ মুখীয়ে গঠন কৰি দিছে এখন উচ্চস্তৰীয় কমিটি । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দ্ৰ শ্বাহৰ নেতৃত্বত গঠন কৰা হৈছে কমিটিখন ৷

author img

By

Published : Feb 25, 2021, 2:03 PM IST

assam governor constitutes high-level committee to probe financial irregularities in dibrugarh university
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়মঃ উচ্চ স্তৰীয় তদন্ত কমিটি গঠন

ডিব্ৰগড়,25 ফেব্ৰৱাৰী: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম তদন্ত কৰিবলৈ ৰাজ্যপাল তথা উচ্চ শিক্ষানুষ্ঠানখনৰ আচাৰ্য জগদীশ মুখীয়ে গঠন কৰি দিছে এখন উচ্চস্তৰীয় কমিটি । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দ্ৰ শ্বাহৰ নেতৃত্বত গঠন কৰি দিয়া এই উচ্চস্তৰীয় তদন্ত কমিটিখনে বিশ্ববিদ্যালয়খনৰ নিলম্বিত উপাচাৰ্য ৰঞ্জিত তামুলীয়ে সংঘটিত কৰা বিত্তীয় অনিয়মসমূহৰ তদন্ত কৰিব ।

উচ্চস্তৰীয় তদন্ত কমিটিখনে উজনি অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানখনৰ বিগত পাঁচ বছৰত সংঘটিত সকলোবোৰ বিত্তীয় অনিয়ম তন্ন-তন্নকৈ তদন্ত কৰি ৰাজ্যপালৰ হাতত প্ৰতিবেদন দাখিল কৰিব ।

উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা, বিষয়া সংস্থা, কৰ্মচাৰী সংস্থা, আছু গোট আদিকে ধৰি লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই বিশ্ববিদ্যালয়খনৰ বিত্তীয় অনিয়মৰ তদন্তৰ বাবে ৰাজ্যপালৰ ওচৰ দাবী উত্থাপন কৰি আহিছিল ।

লগতে পঢ়ক: আকাশবাণীৰ সেই চিনাকী কণ্ঠৰ গৰাকী কুল বৰুৱা আৰু নাই...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.