ETV Bharat / state

ৰাজ্যত দহ দিনৰ বাবে লক ডাউন দিয়াৰ সম্ভাৱনা ! - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কেইবাখনো জিলাত সম্পূৰ্ণ লক ডাউন দিয়া হ’ব পাৰে বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে এই সম্পৰ্কে বৃহস্পতিবাৰেহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । হিমন্ত বিশ্ব শৰ্মাই কয় যে, অহা সপ্তাহলৈ যদিহে কেইখনমান জিলাৰ ক’ভিড পৰিস্থিতি হ্ৰাস নাপাই, তেন্তে জনসাধাৰণৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কমেও ১০ দিনৰ বাবে লক ডাউন দিব লগা হ’ব পাৰে ৷

locked for ten days said by cm himnta biswa sharma
ক’ভিড পৰিস্থিতি উন্নত ন’হলে ৰাজ্যত দহ দিনৰ বাবে লক ডাউন দিয়াৰ সম্ভাৱনা !
author img

By

Published : Jun 20, 2021, 8:48 PM IST

ডিব্ৰুগড়, 20 জুন : উজনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ জিলা ডিব্ৰুগড়ৰ তৈল নগৰী খ্যাত দুলীয়াজানত দেওবাৰে এখন সংবাদ মেল সংম্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সংবাদমেলতে ৰাজ্যৰ কেতবোৰ জলন্ত সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সেই সমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ ঘোষণা হ’ল আছাম গেছ কোম্পানীৰ গেছ ভাণ্ডাৰ ৪ শতাংশ বৃদ্ধি কৰা । সম্প্ৰতি ৩০০ কোটি টকাৰ ব্যৱসায় বৃদ্ধি কৰিছে আছাম গেছ কোম্পানীয়ে লগতে যাতে কোম্পানীটোৱে ব্যৱসায় ১০০০ কোটিলৈ বৃদ্ধি কৰিব পাৰে তাৰ আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

একেদৰে অইলৰ পৰা ৮০০ কোটি টকা পাবলৈ আছে ৰাজ্য চৰকাৰে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । তাৰ লগতে গুৱাহাটীবাসী ৰাইজে পাইপ গেছ পাবনে নাই তাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ উপৰিও ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ সৰ্ন্দভতো মুখ্যমন্ত্ৰী গৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় ৷

ক’ভিড পৰিস্থিতি উন্নত ন’হলে ৰাজ্যত দহ দিনৰ বাবে লক ডাউন দিয়াৰ সম্ভাৱনা !

সেই অনুসৰি অসম চিকিৎসা মহাবিদ্যালয়ত ব্লেক ফাংগাছ ৰোগত আক্ৰান্ত ৰোগী ধৰা পৰাৰ কথা উল্লেখ কৰি কয় যে, মধুমেহ ৰোগত আক্ৰান্তসকলৰ ক্ষেত্ৰত এই ৰোগে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে ৷ সকলোকে সাবধানে সজাগ আৰু সচেতন হৈ থাকিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে দ্বিতীয় পালি ক’ভিড ভেকচিন গ্ৰহণ কৰা সকলো কৰ্মচাৰীকে কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কভিড পৰিস্থিতি ওপৰত ভিত্তি কৰি কেইবাখনো জিলাত সম্পূৰ্ণ লক ডাউন দিয়া হ’ব পাৰে বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে এই সম্পৰ্কে বৃহস্পতিবাৰেহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । হিমন্ত বিশ্ব শৰ্মাই কয় যে, অহা সপ্তাহলৈ যদি হে কেইখন মান জিলাৰ ক’ভিড পৰিস্থিতি হ্ৰাস নাপাই তেন্তে জনসাধাৰণৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কমেও ১০ দিনৰ বাবে লক ডাউন দিব লগা হ’ব পাৰে ৷

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কোন কেইখন জিলাত সম্পূৰ্ণ লক ডাউন দিব সেই বিষয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই । পিছে ক’ভিড পৰিস্থিতলৈ লক্ষ্য ৰাখি অসমৰ ৭ খন জিলাৰ ভিতৰত গোলাঘাট, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, বিশ্বনাথ চাৰিআলি আৰু কাছাৰ জিলাত লক ডাউন দিয়াৰ সম্ভাৱনা অধিক আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ ETV BHARAT ৰ বাতৰিৰ প্ৰভাৱ: বৰনৈ কোটি টকীয়া জলসিঞ্চন আঁচনি পৰিদৰ্শন বিষয়া-কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.