ডিব্ৰুগড়, 16 অক্টোবৰ : সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । সোমবাৰে পুৱাই ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনোৱা হয় ৷ মুখ্যমন্ত্ৰীগৰাকীক আদৰণিৰ জনাই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, ডিব্ৰুগড় জিলা বিজেপিৰ নৱ-নিৰ্বাচিত সভাপতি উজ্জ্বল কাশ্যপকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে ।
তথ্য অনুসৰি, সোমবাৰে ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিব এখন বিশাল জনসভাৰ । ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত এই জনসভাত মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ প্ৰমাণ পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।
ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সভাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । প্ৰতিটো সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীৰ সভালৈ মানুহ অনাৰ বাবে বিনামূলীয়া গাড়ীৰ ব্যৱস্থাও কৰা হৈছে । মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ প্ৰমাণ পত্ৰ লাভ কৰা সকলৰ লগতে সাধাৰণ ৰাইজক মুখ্যমন্ত্ৰীৰ জনসভালৈ অনাৰ বাবে ব্যৱস্থা কৰিছে প্ৰতিটো সমষ্টিৰ বিধায়কসকলে ।
ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত আয়োজিত এই জনসভাত অংশগ্ৰহণ কৰা পাচতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়াৰ ভাগলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে এক মত বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।
তাৰ পাচত তেওঁ নিশা মাইজানস্থিত জলসম্পদ বিভাগৰ অতিথিশালাত নিশা কটাব ৷ লগতে মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিষয়ত বহুকেইটা দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভৱনা আছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Water supply project in Guwahati: ২০২৪ চনৰ এপ্ৰিল মাহলৈ গুৱাহাটীৰ ১ লাখ ৪০ হাজাৰ লোকে পাব পানীৰ সংযোগ
লগতে পঢ়ক : Himanta Biswa Sarma: আশী শতাংশ শিক্ষকক মই নিযুক্তি দিছোঁ; তেওঁলোক আগৰ পৰাই হিতাধিকাৰী ! মুখ্যমন্ত্ৰী