ETV Bharat / state

নিকা, সুস্থ আৰু প্ৰগতিশীল আঞ্চলিকতাবাদৰ পূৰ্ণাংগ ৰূপ দিব ৰাইজৰ দলে - ৰাইজৰ দলৰ প্ৰথম অভিৱৰ্তন

7 জানুৱাৰী পৰা মৰাণত অনুষ্ঠিত হ'বলগীয়া ৰাইজৰ দলৰ প্ৰথম অভিৱৰ্তনৰ স্থলীত উপস্থিত হৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, বিশিষ্ট নিবন্ধকাৰ অৰুপ বৰবৰাই ৷ তেওঁ কলে, এই অভিৱৰ্তনৰ পৰাই অসমৰ আঞ্চলিকতাবাদৰ ইতিহাসত এটা নিকা, সুস্থ আৰু প্ৰগতিশীল আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তাক ৰাইজৰ দলে পূৰ্ণাংগ ৰূপ দিব ৷

arup-barborah-byte-on-abhibartan-of-raijor-dol
নিকা, সুস্থ আৰু প্ৰগতিশীল আঞ্চলিকতাবাদৰ পূৰ্নাংগ ৰূপ দিব ৰাইজৰ দলে
author img

By

Published : Jan 6, 2021, 10:52 PM IST

মৰাণ, 6 জানুৱাৰী : ৰাইজৰ দলৰ মৰাণ অভিৱৰ্তনৰ পৰাই প্ৰকৃত আঞ্চলিকতাবাদৰ ঢৌ আৰম্ভ হোৱাৰ লগতে আঞ্চলিকতাবাদৰ উত্থান হ'ব । এই অধিবেশনতে প্ৰকৃত আঞ্চলিকতাবাদ জীয়াই ৰখাৰ বাবে আমি সংকল্পদ্ধ হ'ম । ৰাউজৰ দলৰ প্ৰথমখন ৰাজ্যক অভিৱৰ্তনৰ স্থলীত উপস্থিত হৈ এই দৰে মন্তব্য প্ৰকাশ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, বিশিষ্ট নিবন্ধকাৰ অৰুপ বৰবৰাই।

নিকা, সুস্থ আৰু প্ৰগতিশীল আঞ্চলিকতাবাদৰ পূৰ্নাংগ ৰূপ দিব ৰাইজৰ দলে

তেওঁ কয়, ৰাইজৰ দলৰ এই অধিবেশনলৈ অসমৰ ৰাইজে অধিক উৎকন্ঠাৰে বাচ চাই আছে । আঞ্চলিকতাবাদৰ ইতিহাসত এটা নিকা, সুস্থ আৰু প্ৰগতিশীল আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তাক ৰাইজৰ দলে পূৰ্ণাংগ ৰূপ দিব বুলি মন্তব্য প্ৰকাশ কৰে অৰুপ বৰবৰাই ৷

উল্লেখ্য যে, ৰাজ্যত নতুন আঞ্চলিকতাবাদী ধাৰা প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিগত বৰ্ষৰ শেষৰ ফালে জন্মলাভ কৰা 'ৰাইজৰ দল'ৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন বৃহস্পতিবাৰৰ পৰা মৰাণত অনুষ্ঠিত হ'ব । ৭, ৮ আৰু ৯ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীয়ে মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ এই অভিৱৰ্তন ।

ইফালে, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লোৱা এই অভিৱৰ্তনৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিৰ লগতে আহ্বায়কসকল আহি উপস্থিত হৈছে বুলি জানিবলৈ দিয়ে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াই ।

লগতে পঢ়ক: সুস্থ শৰীৰে পুত্ৰক ঘুৰাই পাই সুখী বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.