ETV Bharat / state

শুভ্ৰ আচলে আৱৰি ধৰিছে পাচিঘাটৰ চিৰিকি জলপ্ৰপাত - নিগৰিত হৈছে প্ৰকৃতিৰ সৌন্দৰ্য

ধেমাজিৰ জোনাই চহৰৰ পৰা মাত্ৰ কেইমাইল মান আঁতৰত অৱস্থিত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ চিৰিকি জলপ্ৰপাতৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰিছেহি অগণন প্ৰকৃতিপ্ৰেমীয়ে ৷

শুভ্ৰ আচলে আৱৰি ধৰিছে পাচিঘাটৰ চিৰিকি জলপ্ৰপাত
author img

By

Published : Aug 14, 2019, 4:11 PM IST

ডিব্ৰুগড়,14আগষ্ট : এখন শুভ্ৰ আচলে আৱৰি ধৰিছে অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ চিৰিকি জলপ্ৰপাতক ৷ কুলু-কুলু শব্দত নিগৰিত হৈছে প্ৰকৃতিৰ সৌন্দৰ্য ৷ অৰুণাচল প্ৰদেশৰ পাচিঘাটত অৱস্থিত চিৰিকি জলপ্ৰপাত ৷ এই জলপ্ৰপাতত ভিৰ কৰিছেহি এতিয়া অগণন প্ৰকৃতিপ্ৰেমীয়ে ৷ মন জুৰ কৰিব পৰা অপৰিসীম দৃশ্য ৷ ধেমাজিৰ জোনাই চহৰৰ পৰা মাত্ৰ কেইমাইল মান আঁতৰত থকা অৰুণাচল প্ৰদেশৰ পাহাৰত অৱস্থিত এই জলপ্ৰপাতটো পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

Intro:অৰুণাচল পাচিঘাটৰ চিৰিকি জলপ্ৰপাত এতিয়া পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুঃBody: শেষতীয়াকৈ পৰ্য্যটনৰ আকৰ্ষনৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে অৰুণাচলৰ পাচীঘাটৰ এটা জলপ্ৰপাত। শ্বিলং অথবা চেৰাপুঞ্জীত থকাৰ দৰেই অৰুণাচল প্ৰদেশৰ এটি জলপ্ৰপাত, উৎকট গৰমৰ মাজতে জলপ্ৰপাতটোৰ সৌন্দৰ্য্যৰ লগতে এবাৰ গা ধুবলৈ ভিৰ কৰিছেহি অসম আৰু অৰুণাচলৰ বহু পৰ্য্যটকে।
নাম চিৰকি জলপ্ৰপাত।উজনি অসম বা উত্তৰ অসমৰ লোক সকলে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ শ্বিলং অথবা চেৰাপুঞ্জীলৈ যাম বুলি যদি ভাবিছে তেন্তে তালৈ নগৈ অতি কম খৰচতে অৰুণাচল প্ৰদেশৰ এইটো জলপ্ৰপাতেই আপুনি উপভোগ কৰিব পাৰিব প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য পৰিবেশ, পাহাৰৰ ফিন ফিনিয়া বতাহ জাকে পলকতে শীতল কৰিব আপোনাৰ দেহ মন। ইফালে এই সুউচ্চ পাহাৰটোৰ পৰা নামি অহা পানীত গা ধুবলৈ এতিয়া ভিৰ কৰিছে অসম আৰু অৰুণাচলৰ অসংখ্যক পৰ্য্যটকে, আনকি প্ৰকৃতিৰ মনোমহা এই দৃশ্য ৰাজিয়ে পুলকিত কৰি তুলিছে পৰ্য্যটকৰ মন। ধেমাজিৰ জোনাই চহৰৰ পৰা মাত্ৰ কেইমাইল মান গলেই অৰুণাচল প্ৰদেশৰ পাহাৰৰ মাজেৰে একা বেঁকা বাটেৰে গৈ পাচীঘাটত থকা এইটো জলপ্ৰপাতৰ সৌন্দৰ্য্য আপুনি উপভোগ কৰিব পাৰিব। সেয়েহে অতি কম খৰচতে আপুনি যদিহে শ্বিলং চেৰাপুঞ্জীৰ সুৱাস লব বিচাৰিছে তেন্তে নিশ্চয় আপুনি এবাৰ গৈ আহিব পাৰে অৰুণাচলৰ এইটো চিৰকি জলপ্ৰপাদলৈ।Conclusion: আনহাতে যদিহে অৰুণাচল চৰকাৰে জলপ্ৰপাতটোত পৰ্য্যটকৰ আকৰ্ষণৰ বাবে আন কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে অৰুণাচল চৰকাৰে এই জলপ্ৰপাতটোৰ পৰাই এক বৃহৎ ধন উপাৰ্জন কৰি ৰাজকোষ টনকিয়াল কৰিব পাৰিব সেয়া একপ্ৰকাৰ নিশ্চিত।
BYte: পৰ্যটক ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.