মৰাণ, 7 ফ্ৰেব্ৰুৱাৰী: লতা মংগেশকাৰৰ মৃত্যু সমগ্ৰ বিশ্বৰ বাবে এক অপূৰণীয় ক্ষতি ৷ শোকত মৰ্মাহত প্ৰতিজন ভাৰতীয়ই টুকিছে চকুলো ৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কলা-কুশলীসকলেও ভাৰত ৰত্নগৰাকীৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে ৷
দেওবাৰে তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰা পিছতেই অসমৰ শিল্পী সমাজে মহান গায়িকাগৰাকীৰ অৱদান সুঁৱৰি শোকত ম্ৰিয়মান হৈ পৰে (Artist mourn to Lata Mangeshkar death) ৷ জনপ্ৰিয় গায়ক নীল আকাশ আৰু কুসুম কৈলাশে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ কোকিলকন্ঠী গায়িকাগৰাকীৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে দুয়োগৰাকী সংগীত শিল্পীয়ে ৷
সৰুৰে পৰাই তেওঁ সংগীত শুনি ডাঙৰ হোৱা নীল আকাশে কয় যে লতা মংগেশকাৰ তেওঁৰ অৱদানেৰে আজীৱন আমাৰ মাজত অমৰ হৈ থাকিব ৷ দেওবাৰে 8 জানুৱাৰীত ক’ভিড-19 ত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল গায়িকাগৰাকী ৷ জীৱনৰ 92 টা বসন্ত গৰকা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে বিদায় মাগিলে আমাৰ মাজৰ পৰা (Lata Mangeshkar passed away) ৷ লতাৰ মৃত্যুৰ লগতে সংগীত ক্ষেত্ৰখনৰ এটা যুগৰ অৱসান ঘটিল ৷
লগতে পঢ়ক: লতা মংগেশকাৰ: ভাৰতৰ নাইটিংগেল