মৰাণ, 5 মে’: পুনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখত বিজেপি চৰকাৰৰ ভোজ-ভাতৰ কথা ৷ প্ৰায়েই সংবাদ মাধ্যমত ৰাজ্য চৰকাৰৰ বিভিন্ন বিষয়কলৈ সমালোচনা আগবঢ়োৱা বৰাৰ বক্তব্যত স্থান পাই আহিছে চৰকাৰখনৰ ভোজন অভ্যাসৰ কথা (Bhupen Borah on BJP's foody attitude) ৷ বিশেষকৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কিমান বিধ ব্যঞ্জনেৰে ভোজ-ভাত খায় সেই কথাৰে মূল্যবৃদ্ধিৰ লগতে আন-আন প্ৰসংগ সমূহ উত্থাপন কৰি আহিছে বৰাই ৷
বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এটা বছৰ অতিক্ৰম কৰিবলৈ মাজত কেইটামান দিন বাকী থকাৰ আগ মূহুৰ্তত দলীয় মন্ত্ৰী-বিধায়ক সকলক লগত লৈ আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কাজিৰঙাত বৃহস্পতিবাৰৰে পৰা অনুষ্ঠিত হৈছে এই বৈঠক । মুখ্যমন্ত্ৰীয়ে বিধায়ক সকলক লৈ কাজিৰঙাত অনুষ্ঠিত কৰা এই বৈঠকক এতিয়া পিকনিক আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Borah terms government meeting as picnic) ।
বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ চাবুৱাত উপস্থিত হৈ বৰাই কয়, কাজিৰঙাত আজি অনুষ্ঠিত হ'বলগা মুখ্যমন্ত্ৰীৰ বৈঠক (CM's meeting in Kaziranga) পিকনিক আৰু ভোজ ভাতৰ বাদে আন একো নহয় । কিছুদিনৰ মূৰে মূৰে তেওঁলোক লগ হৈ 35/33 বিধ ব্যঞ্জনেৰে ভোজ ভাত খোৱাটো তেওঁলোকৰ নিত্য নৈমিত্তিক কাম ।
উল্লেখযোগ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা কংগ্ৰেছ দলৰ তৃণমূল কৰ্মী সকলৰ সাক্ষাতৰ বাবে এক যাত্ৰা আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে এই যাত্ৰাৰ মাজতে তেওঁ চাবুৱাৰ জেৰাই গাঁওস্থিত আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ ঘৰত উপস্থিত হয় ৷ এই সময়চোৱাতে বৰাই সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে বিধায়ক সকলক লৈ কাজিৰঙাত অনুষ্ঠিত কৰা অনুষ্ঠানক পিকনিক আখ্যা দি তীক্ষ্ণ সমালোচনা কৰে ৷
লগতে পঢ়ক : কাজিৰঙাত বিজেপি মিত্ৰজোঁট বিধায়ক-সাংসদৰ পৰ্যালোচনা বৈঠক