মৰাণ, 5 মে' : কংগ্ৰেছ দলক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শদিয়াৰ পৰা আৰম্ভ কৰিছে বিশেষ যাত্ৰা (Bhupen Borah meets grassroot workers of Congress)। দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সকলৰ সৈতে আলোচনাত মিলিত হৈ কংগ্ৰেছৰ দলৰ সাংগঠনিক ভেটি পুনৰ গঢ়ি তোলাৰ (strengthening congress party's organization) বাবে সভাপতি গৰাকীয়ে এই প্ৰচেষ্টা চলাইছে ।
এই উপলক্ষে বৃহস্পতিবাৰে চাবুৱাৰ জেৰাই গাঁৱত অৱস্থিত আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ (ULFA I chief Paresh Baruah) বাসগৃহত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Borah in Paresh Baruah's residence at Jerai)। আলফাৰ সেনাধ্যক্ষ গৰাকীৰ পৰিয়ালৰ খবৰ লোৱাৰ লগতে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আলফা-চৰকাৰৰ আলোচনা সন্দৰ্ভতো আগবঢ়ালে মন্তব্য । বৰাই কয়, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে আলোচনা প্ৰক্ৰিয়া সঠিকভাৱে আগবঢ়াই নিয়ক (ULFA I government peace process) আৰু বিৰোধী দল হিচাপে তেওঁলোকেও এই ক্ষেত্ৰত সকলো সহায় কৰিবলৈ প্ৰস্তুত ।
ইয়াৰোপৰি আলফা স্বাধীনৰ মুৰব্বী গৰাকীলৈয়ো আহ্বান জনাই তেওঁ কয়, পৰেশ বৰুৱাই কিছু এৰা ধৰাৰ মাজেৰে আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়ক । ইয়াৰ লগতে, নিবনুৱা সকলক সংস্থাপন দিবলৈ চৰকাৰ ব্যৰ্থ হোৱাৰ বাবেই আলফালৈ ল'ৰা ছোৱালী যাবলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৰাকীয়ে ।
ইপিনে, কংগ্ৰেছ দলক পুনৰ শক্তিশালী কৰিবলৈ যি চেষ্টা বৰাই কৰিছে সেই চেষ্টা এদিন সফল হ'ব বুলি আশা প্ৰকাশ কৰে পৰেশ বৰুৱাৰ ভাতৃ বিকুল বৰুৱাই ৷ উল্লেখ যোগ্য যে, কিছুদিনৰ পূৰ্বে জ্যেষ্ঠ কংগ্ৰেছী নেতা শৰৎ বৰকটকীয়ে কংগ্ৰেছক শক্তিশালী কৰিবলৈ ৰাজীৱ ভৱনৰ মোহ এৰি বৰ্তমান ভূপেন বৰাই লোৱাৰ দৰে পদক্ষেপ হাতত ল’বৰ বাবেই আহ্বান জনাইছিল ৷ সম্প্ৰতি ভূপেন বৰাই লোৱা পদক্ষেপৰ পিছত ইয়াকেলৈ আশাৰ সঞ্চাৰ হোৱাও দেখা গৈছে একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত ৷
লগতে পঢ়ক : দ্বিতীয়খন দিছপুৰলৈ পৰ্যবসিত বোকাখাত