ETV Bharat / state

ৰংমলা গাঁৱৰ বানত সৰ্বহাৰা হোৱা পৰিয়ালৰ কাষত চাবুৱা আৰক্ষী - চাবুৱা চক্ৰ বিষয়া

চাবুৱা আৰক্ষী থানাৰ ভাৰাপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমণী দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঠিয় দিলে ৰংমলা গাঁৱৰ বানত সৰ্বহাৰা হোৱা প্ৰায় 40 টা পৰিয়ালৰ কাষত ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বহাৰা হোৱা পৰিয়াল কেইটাই আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাৰ সময়তে চাইকেল আৰু টুলুঙা নাৱেৰে অতি দুৰ্গম অঞ্চলটোলৈ যাত্ৰা কৰি বিভিন্ন খাদ্য সামগ্ৰী পৰিয়াল সমূহৰ মাজত বিতৰণ কৰে ।

An unique step taking by Chabua Police
ৰংমলা গাঁৱৰ বানত সৰ্বহাৰা হোৱা পৰিয়ালৰ কাষত চাবুৱা আৰক্ষী
author img

By

Published : May 24, 2021, 5:04 PM IST

মৰাণ, 24 মে': কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বলৱৎ কৰা সান্ধ্য আইন তথা আংশিক লকডাউন আৰু নতুন নিৰ্দেশনা অমান্য কৰা সকলৰ প্ৰতি আৰক্ষী প্ৰশাসন কঠোৰ হোৱাৰ সময়তে চাবুৱা আৰক্ষীয়ে দেখুৱাইছে মহানুভৱতা ৷ চাবুৱা আৰক্ষী থানাৰ ভাৰাপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমণী দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঠিয় দিলে ৰংমলা গাঁৱৰ বানত সৰ্বহাৰা হোৱা প্ৰায় 40 টা পৰিয়ালৰ কাষত ৷

ৰংমলা গাঁৱৰ বানত সৰ্বহাৰা হোৱা পৰিয়ালৰ কাষত চাবুৱা আৰক্ষী

ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বহাৰা হোৱা পৰিয়াল কেইটাই আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ খাদ্য,বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত থকা পৰিয়ালকেইটাৰ অৱস্থা দেখি লাঠি আৰু বন্দুকৰ পৰিৱৰ্তে চাবুৱা আৰক্ষীয়ে খাদ্য সামগ্ৰী আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰি মানৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে ৷

An unique step taking by Chabua Police
ৰংমলা গাঁৱৰ বানত সৰ্বহাৰা হোৱা পৰিয়ালৰ কাষত চাবুৱা আৰক্ষী

উল্লেখ্য যে, চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমণী দুৱৰা আৰু চাবুৱাৰ চক্ৰ বিষয়া( সংলগ্ন) সীদ্ধাৰ্থ কুমাৰৰ নেতৃত্বত আৰক্ষীয়ে চাইকেল আৰু টুলুঙা নাৱেৰে অতি দুৰ্গম অঞ্চলটোলৈ যাত্ৰা কৰি বিভিন্ন খাদ্য সামগ্ৰী পৰিয়াল সমূহৰ মাজত বিতৰণ কৰে । ৰাজ্য তথা কৰ'ণাৰ এই ভয়াৱহ সময়ৰ প্ৰতি লক্ষ্য ৰাখি অতিকৈ প্ৰয়োজনীয় সামগ্ৰী আৰু মাস্ক প্ৰদান কৰাও পৰিলক্ষিত হয় । আৰক্ষী বিষয়াজনৰ এনে মহানুভৱতাক এতিয়া সৰ্বত্ৰে সকলোৱে একে মুখে শলাগ লৈছে ৷

লগতে পঢ়ক: নিৰ্মাণৰ তিনি মাহৰ পাচতেই চপৰা চপৰে খহিল পৰিল এটা পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.