ETV Bharat / state

চাবুৱাৰ বালিজান চাহ বাগিচাৰ হাস্পতালত ব্যতিক্ৰমী দৃশ্য

author img

By

Published : Jun 7, 2021, 1:30 PM IST

ক'ভিড ৰোগীৰ মনোবল বৃদ্ধি কৰিবৰ বাবে এক ব্যতিক্ৰমী পৰিৱেশ গঢ়ি তুলিলে চাবুৱাৰ নৰ্থ বালিজান চাহ বাগিচা হাস্পতালৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে ৷ হাস্পতালখনত চিকিৎসাধীন হৈ থকা প্ৰতিজন ক'ভিড ৰোগীয়ে আৰোগ্য লাভ কৰি ঘৰলৈ যোৱাৰ সময়তে অসমীয়াৰ গৌৰৱ গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় ৷

An unique environment of Balijan tea estate hospital of Chabua
নৰ্থ বালিজান চাহ বাগিচাৰ হাস্পাতালত ব্যতিক্ৰমী পৰিৱেশ

মৰাণ,7 জুন: চাবুৱাৰ নৰ্থ বালিজান চাহ বাগিচাৰ হাস্পতালত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ । হাস্পতালখনত চিকিৎসাধীন হৈ থকা প্ৰতিজন ক'ভিড ৰোগীয়ে আৰোগ্য লাভ কৰি ঘৰলৈ যোৱাৰ সময়তে অসমীয়াৰ গৌৰৱ গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে, হাস্পতালখনত চিকিৎসাধীন হৈ থকা প্ৰতিজন ক'ভিড ৰোগীকে প্ৰতিদিনে যোগান ধৰা হয় গাখীৰ, মাংস, কণী, ফল-মূলৰ লগতে বিভিন্ন পুষ্টিকৰ খাদ্য । হাস্পতালখনৰ চিকিৎসকসকলৰ এনে মনোবৃত্তিৰ বাবে বাগিচাখনৰ লোকসকলে ক'ভিড টেষ্ট কৰিবলৈ আগবাঢ়ি অহা দেখা গৈছে ৷

নৰ্থ বালিজান চাহ বাগিচাৰ হাস্পতালত ব্যতিক্ৰমী পৰিৱেশ

নৰ্থ বালিজান চাহ বাগিচাত প্ৰায় ১০ হাজাৰতকৈ অধিক লোক আছে আৰু বাগিচাখনত বৰ্তমানলৈকে ৪২ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে ৬ গৰাকী লোক আৰোগ্য হৈ ইতিমধ্যে নিজা ঘৰলৈ উভতি গৈছে । অৱশ্যে বৰ্তমান চিকিৎসালয়খনত ২১ গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে ।

বৰ্তমানৰ এই ক'ভিড সৃষ্ট পৰিৱেশত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিনে-নিশাই সন্মুখৰ পৰাই ক'ভিডৰ লগত লগত যুঁজি আহিছে । কিন্তু তাৰ মাজতো চিকিৎসকসকলে এইদৰে ক'ভিড ৰোগীৰ লগত সহযোগ কৰি আত্মীয় ভাৱেৰে সুন্দৰ পৰিৱেশ সৃষ্টি পৰি মনোবল বঢ়াবলৈ প্ৰয়াস কৰি আহিছে । চিকিৎসালয়খনৰ চিকিৎসকসকলৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ জনাইছে ৷

লগতে পঢ়ক: Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ: জকাইত বৃদ্ধ দম্পতীক আগবঢ়ালে সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.