মৰাণ, ২১ মে': চাবুৱাত দিনক দিনে বৃদ্ধি পোৱা গাঞ্জাৰ বৃহৎ ব্যৱসায়ী চক্ৰক উৎখাত কৰিবলৈ এতিয়া দিনে-নিশাই তীব্ৰ অভিযান অব্যাহত ৰাখিছে চাবুৱা আৰক্ষীয়ে । চাবুৱা আৰক্ষী বিষয়া টুলুমণী দুৱৰাৰ নেতৃত্বত চাবুৱা আৰক্ষীয়ে ১৭ তাৰিখে নিশা প্ৰণৱ দাস নামৰ এজন ব্যক্তিৰ পৰা ৪ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।
তাৰ পিছতেই বৃহস্পতিবাৰে চাবুৱা আৰক্ষীয়ে অভিযান চলাই ২৮ কেজি মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ লগতে ২৭ কেজি গাঞ্জাসহ ডিব্ৰুগড়ৰ পাঁচ আলিৰ পৰা শিৱ প্ৰসাদ শ্বাহ নামৰ ৬০ বছৰীয়া ব্যক্তিজনক কৰায়ত্ব কৰে ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই গাঞ্জাসমূহ বহিঃদেশ আৰু চুবুৰীয়া ৰাজ্যৰ পৰা আনি তিনিচুকীয়া, ডিগবৈ, চাবুৱা আৰু ডিব্ৰুগড়ৰ বিভিন্ন স্থানত চালান দিয়া হয় । নৱ- প্ৰজন্মক নিচাসক্ত কৰি ধ্বংসৰ মুখলৈ ঠেলি সমাজ ধ্বংস কৰাৰ লগতে বে-আইনী কাৰ্যকলাপ চাবুৱাত বন্ধ কৰিবলৈ এতিয়া আৰক্ষী তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: বৰপেটাৰোডত নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ