মৰাণ,9 জুন : ক'ভিডৰ ভয়াৱহতাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰে ৰাজ্যৰ উন্নয়নমূলক কামৰ বাবে তৎপৰ হৈ পৰিছে । কেইটামান দিনৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ চাবুৱাত স্থাপন হ'ব লগা শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰিছিল ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ।

ইয়াৰ পাচতে ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কাৰ্যক লৈ বিভাগীয় বিষয়াৰ লগতে জিলা প্ৰশাসন তৎপৰ হোৱা পৰিলক্ষিত হৈছে । এই উপলক্ষে দিনজ্বয় বালিজান পানীএৰা গাঁৱত ক্ৰীড়া বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ পট্টাদাৰসকলক লৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷

সভাত উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ লগতে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত জোনমণি সোণোৱাল, চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱা তথা চাবুৱা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰী আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভূমি অধিগ্ৰহণ শাখাৰ কৰ্মচাৰীসকল ৷
লগতে পঢ়ক: আগষ্টত অনুষ্ঠিত হ’ব পাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা