ETV Bharat / state

চিত্ৰশিল্পীৰ পৰশত প্ৰাণ পালে শিশু উদ্যানে - বুঢ়ীদিহিং এৰাসুঁতি

চৰকাৰী শিশু উদ্যানসমূহ ধ্বংস হোৱাৰ সময়তে ডিব্ৰুগড়ৰ বলাইৰ এজন চিত্ৰশিল্পীয়ে গঢ়ি তুলিছে এখন আটক ধুনীয়া শিশু উদ্যান ৷ কোটোহা গাঁও পঞ্চায়তৰ চিত্ৰশিল্পী তাৰানাথ সোণোৱালে একক প্ৰচেষ্টাত নতুন বলাইৰ বুঢ়ীদিহিং এৰাসুঁতিৰ পাৰত গঢ়ি তুলিছে এখন উদ্যান ।

চিত্ৰশিল্পীয়ে সাজি উলিয়ালে আটক ধুনীয়া শিশু উদ্যান

author img

By

Published : Jul 5, 2021, 12:05 PM IST

মৰাণ, 5 জুলাই : বৰ্তমান ক’ভিডৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পাইছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ কেৱল ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙতে 38 টাকৈ শিশু আক্ৰান্ত হৈছে কৰ'ণাত । যোৰহাটৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত সোমবাৰে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ কৰ’ণাৰ দ্বিতীয়টো ঢৌত 18 বছৰৰ তলৰ 200 ৰো অধিক শিশু ক'ভিডত আক্ৰান্ত হৈছে যাৰ বাবে বন্ধ হৈ পৰিছে ৰাজ্যৰ শিশু উদ্যানসমূহ ৷

ডিব্ৰুগড় বলাইৰ এজন চিত্ৰশিল্পীৰ অভিনৱ প্ৰচেষ্টা ৷ চৰকাৰী শিশু উদ্যানসমূহ ধ্বংস হোৱাৰ সময়তে এগৰাকী চিত্ৰশিল্পীয়ে গঢ়ি তুলিছে এখন শিশু উদ্যান ৷ ক’ৰণাৰ দুটা লহৰৰ ভয়াৱহ সংক্ৰমণৰ পাচতেই লক ডাউন‌ আৰু সান্ধ্য আইনৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ প্ৰায় সকলো চৰকাৰী শিশু উদ্যান ধ্বংস হৈ পৰা পৰিলক্ষিত হৈছে । তেনে সময়তে ডিব্ৰুগড়ৰ নতুন বলাইৰ এজন চিত্ৰশিল্পীয়ে ব্যতিক্ৰমী চিন্তাধাৰাৰে গঢ়ি তুলিছে এখন শিশু উদ্যান ৷

এজন চিত্ৰশিল্পীয়ে সাজি উলিয়ালে আটক ধুনীয়া শিশু উদ্যান

গাঁৱৰ শিশুসকলৰ বাবে নিজা খৰচত সাজি উলিয়ালে উদ্যানখন । মৰাণ সমষ্টিৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন বলাইৰ নিবাসী তথা চিত্ৰশিল্পী তাৰানাথ সোণোৱালে একক প্ৰচেষ্টাৰে নতুন বলাইৰ বুঢ়ীদিহিং এৰাসুঁতিৰ পাৰত গঢ়ি তুলিছে এখন উদ্যান । গাঁৱৰ শিশুসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে উদ্যানখনে । উদ্যানখনত বহি সৌন্দৰ্য উপভোগ কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহে বহুলোক ।

বিগত বৰ্ষৰ লক ডাউনৰ সময়তে নিৰ্মাণ কৰা উদ্যানখন বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছে । উল্লেখ্য যে, পৰ্যটন ক্ষেত্ৰতো বিশেষ সম্ভাৱনা থকা উক্ত স্থানত বিভাগীয় কৰ্তৃপক্ষৰ পৰা সহায় পালে ইয়াক অধিক গতিশীল কৰি তুলিব পৰা যাব বুলি সোণোৱালে উল্লেখ কৰিছে । উদ্যানখন চোৱা-চিতাৰ বাবে দুজনকৈ লোকক সংস্থাপনো দিছে চিত্ৰশিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক: দিখৌমুখৰ পথাৰত ৰোৱনী লুকালে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.