ETV Bharat / state

Amit Shah in Dibrugarh : ডিব্ৰুগড়ত বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ ভূমি পূজনত অংশ ল'ব গৃহমন্ত্ৰী শ্বাহে

author img

By

Published : Apr 11, 2023, 11:25 AM IST

ডিব্ৰুগড়ত নিৰ্মাণ হ'ব লগা বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ ভূমি পূজনত সোমবাৰে অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে (Amit Shah to address public meeting in Dibrugarh) ৷

Amit Shah in Dibrugarh
আজি ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যসূচী

ডিব্ৰুগড়, 11 এপ্ৰিল: ডিব্ৰুগড়ত নিৰ্মাণ হ'ব লগা বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ ভূমি পূজনত আজি অৰ্থাৎ মঙলবাৰ অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অৰুণাচলত বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচতেই আজি উপস্থিত হ'ব ডিব্ৰুগড়ত (BJP Regional Office will be in Dibrugarh) ৷

ডিব্ৰুগড়ত বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ ভূমি পূজনত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে (Amit Shah Visit Dibrugarh ৷ গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পাচত এইবাৰ বিজেপিৰ অত্যাধুনিক আঞ্চলিক কাৰ্যালয় নিৰ্মাণ হ'ব ডিব্ৰুগড়ত ৷ ডিব্ৰুগড় চহৰত বিজেপিৰ অত্যাধুনিক আঞ্চলিক কাৰ্যালয় নিৰ্মাণৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় ভূমি আৱন্টন লাভ কৰিছে শাসকীয় দলটোৱে (Home minister to visit Assam) ৷

এই কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত আজি অংশ ল'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বিশাল জনসভাতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে (Amit Shah in Dibrugarh) ৷ এই জনসভাত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাসহ মন্ত্ৰী-বিধায়কৰ লগতে বিজেপিৰ বহু শীৰ্ষ নেতৃত্ব (Amit Shah to address public meeting in Dibrugarh) ৷

ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰত নিৰ্মাণ হ'বলগীয়া বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানটোৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ আজি অনুষ্ঠিত হ'ব লগা অমিত শ্বাহৰ এই জনসভাত ডিব্ৰুগড়, তিনিচুকীয়াৰ প্ৰায় 40,000 ৰাইজে অংশগ্ৰহণ কৰিব বুলি বিজেপিৰ নেতৃত্বই জানিবলৈ দিছে ৷ ইতিমধ্যে অমিত শ্বাহৰ সভাৰ সকলো প্ৰস্তুতি সোমবাৰে বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইতিমধ্য এই সভাক লৈ পুৱাৰ পৰাই ডিব্ৰুগড় জিলা প্ৰশাসন আৰু দলীয় নেতা-কৰ্মী সকলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা (Assam CM in Dibrugarh) ৷

উল্লেখযোগ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী গাঁও কিবিথু ভ্ৰমণ কৰে ৷ লগতে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সোমবাৰে সন্ধিয়া ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সৈতে এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰে (Amit Shah meeting with ITBP in Arunachal) ।

পূৱ অৰুণাচল প্ৰদেশৰ কিবিথু গাঁৱত ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেম আৰম্ভ কৰি জোৱানসকলৰ সৈতে তেওঁ বাৰ্তালাপ কৰে (Vibrant Village Programme in Kibithoo Arunachal) । ইয়াৰ পাচতেই আজি ডিব্ৰুগড়ত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক: Amit Shah Arunachal Visit : সীমান্তত আইটিবিপিৰ সৈতে বৈঠক গৃহমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.