মৰাণ, 11 এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচন (Lok Sabha Election 2024) ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত ইজনৰ পিচত সিজনকৈ কেন্দ্ৰীয় বিজেপি নেতাৰ সোঁত বৈছে ৷ যোৱা 6 এপ্ৰিলত অসমলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ অহাৰ পিচতে এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ আহে গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah visits Assam) ৷
ডিব্ৰুগড় মানকটা খেলপথাৰত অনুষ্ঠিত বিজেপিৰ জনসভাত অংশগ্ৰহণ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah in Dibrugarh)৷ লোকসভা নিৰ্বাচনত অসমৰ ১৪ খনৰ ১২ খন আসনেই বিজেপিয়ে লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে শ্বাহে ৷
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই লোকসভা নিৰ্বাচনলৈ অসম বিজেপিক কঁকালত টঙালি বান্ধিবলৈ আহ্বান জনালে গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah speaks about Lok Sabha election)। এই জনসভাতে অসমবাসীক আগন্তক ৰঙালী বিহুৰ শুভেচ্ছা জনাই গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
ভাষণত শ্বাহে কয়, এটা সময়ত উত্তৰ-পূৰ্বাঞ্চল কংগ্ৰেছৰ দুৰ্গ বুলি অভিহিত কৰা হৈছিল । ৰাহুল গান্ধীয়ে সমগ্ৰ ৰাজ্যত ভ্ৰমণ কৰাৰ পিছতো তিনিখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল। বিদেশলৈ গৈ ভাৰতৰ বিৰুদ্ধে কথা ক'বলৈহে জানে ৰাহুল গান্ধীয়ে। এতিয়াও শুদ্ধপথলৈ ঘূৰি আহক ৰাহুলে। নহ'লে কেৱল উত্তৰ-পূবেই নহয় সমগ্ৰ দেশতে অস্তিত্ববিহীন হৈ পৰিব কংগ্ৰেছ।
লগতে শ্বাহে কয় যে, এটা সময়ত অসমত আন্দোলন আৰু সন্ত্ৰাবাদেৰে জৰ্জৰিত হৈ আছিল। এতিয়া অসমে বিহু নৃত্যৰে আনন্দ উপভোগ কৰিছে। ২০২৪ ত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী (PM Narendra Modi) ।
লগতে পঢ়ক: Guinness book of world record Bihu : বিহুনাচৰ বিশাল আয়োজন আৰু মুখ্যমন্ত্রীৰ দুখন সংবাদমেল !
উল্লেখ্য যে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অৰুণাচলৰ পৰা বিশেষ হেলিকপ্টাৰযোগে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় (Amit Shah visits North east)৷ ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নিৰ্মাণ হ'বলগীয়া বিজেপিৰ উজনি অসম মাণ্ডলিক কাৰ্যালয়টোৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে গৃহমন্ত্ৰী শ্বাহে ৷ এই চাৰিমহলীয়া অত্যাধুনিক ভৱনটো ১৮ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে ৷