ETV Bharat / state

অৰুণোদয় আঁচনিত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ

author img

By

Published : Oct 7, 2020, 1:36 PM IST

টিংখাঙত অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে চূড়ান্ত বিসংগতি । প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে তালিকাত স্থান লাভ কৰিছে একাংশ ধনী ব্যক্তিয়ে ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

Alligence of happening scam in arunodoi scheme in tingkhong assam etv bharat news
অৰুণোদয় আঁচনিত দুৰ্নীতি সংঘটিতৰ অভিযোগ

টিংখাং,7 অক্টোবৰ: এটাৰ পিছত আন এটা দুৰ্নীতিৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ দৰিদ্ৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে ৰাজ্য চৰকাৰে মুকলি কৰা বিভিন্ন আঁচনিত সময়ে সময়ে সংঘটিত হৈ আহিছে দুৰ্নীতি ৷ তেনে এক দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ডিব্ৰুগড় জিলাৰ টিংখাঙত ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ মুকলি কৰা অৰুণোদয় আঁচনিত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷ আঁচনিখনৰ অন্তৰ্গত হিতাধিকাৰী বাছনি কৰাৰ বাবে প্ৰস্তুত কৰা তালিকাত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ ধনী ব্যক্তিয়ে স্থান লাভ কৰাত স্বাভাৱিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

অৰুণোদয় আঁচনিত দুৰ্নীতি সংঘটিতৰ অভিযোগ

তদুপৰি এই আঁচনিৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত একাংশ বিজেপি নেতা, ৱাৰ্ড সদস্যই প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে নিজৰ আত্মীয়ৰ নাম তালিকাভূক্ত কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ৷ টিংখাঙৰ 69 নং কেন্দুগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰীগৰাকী কংগ্ৰেছ দলৰ প্ৰতিনিধি হোৱা হেতুকে সভানেত্ৰী গৰাকীয়ে প্ৰস্তুত কৰা হিতাধিকাৰীৰ তালিকাৰ পৰা বহু নাম বাহিৰ কৰি নিজ ইচ্ছা অনুসৰি বিজেপি কৰ্মীয়ে নাম অন্তৰ্ভূক্ত কৰাৰ অভিযোগ উত্থাপন কৰে পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে ৷ মুঠৰ ওপৰত এই আঁচনি এতিয়া একপ্ৰকাৰ প্ৰহসনত পৰিণত হোৱা দেখা গৈছে ৷

লগতে চাওকঃ গুৱাহাটীলৈ অনা হ'ল SI পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.