ETV Bharat / state

পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে মৰাণত ধন আত্মসাৎ কৰাৰ অভিযোগ - ডিমৌ নদীৰ গৰাখহনীয়া

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ঘনিষ্ঠ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ ৷ গৰাখহনীয়া ৰোধৰ বাবে অহা ধন আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়ত সভাপতিগৰাকীৰ বিৰুদ্ধে ৷

Allegations of corruption against the Panchayat president in Moran
মৰাণত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ
author img

By

Published : Sep 11, 2020, 3:47 PM IST

মৰাণ, 11 ছেপ্তেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কৈ আছে যদিও মুখ্যমন্ত্ৰীৰ নিজ গৃহ জিলাৰ পঞ্চায়তে উত্থাপিত হৈছে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ । বিজেপি দলৰ নেতা পালি নেতাৰ নেতৃত্বতেই এতিয়া চলিছে চৰকাৰী আঁচনিৰ ধন লুণ্ঠন প্ৰক্ৰিয়া । ৰাজ্যৰ বিভিন্ন সমষ্টিৰ দৰে মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত নাহৰণী গাঁও পঞ্চায়তটো আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

স্থানীয় লোকৰ প্ৰতিক্ৰিয়া

ৰাইজে জানিবলৈ দিয়া মতে, 2018-19 বৰ্ষত ডিমৌ নদীৰ গৰাখহনীয়া ৰোধৰ বাবে চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত পঞ্চায়তটোৰ 7 নং ৱাৰ্ডত 20 লাখ টকা আৰু এনৰেগা আঁচনিৰ অধীনত 9 লাখ টকা আৱন্টন হৈছিল । আনহাতে গৰাখহনীয়া ৰোধৰ সকলো কাম চোৱাচিতা কৰিছিল মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ ঘনিষ্ঠ নাহৰণি পঞ্চায়তৰ খোদ সভাপতি কল্পেন্দ কোঁৱৰে ৷ লগতে কেইজনমান দলীয় ঠিকাদাৰক লৈ এখন সমিতিও গঠন কৰা হৈছিল ।

পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

কেইবা লাখ টকাৰে অতি নিম্ন মানদণ্ডৰে গৰাখহনীয়া ৰোধৰ কাম কৰাৰ ফলত গৰাখহনীয়া ৰোধ নোহোৱাত এতিয়া ঠিকাদাৰৰ লগতে পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি দুৰ্নীতিৰ তদন্ত দাবী কৰিছে ৰাইজে । নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত বেজ গাঁৱলৈ ডিমৌ নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি অনাৰ পাছতো ৰাইজৰ অভিযোগৰ প্ৰতি অলপো গুৰুত্ব নিদি কেৱল ধন আত্মসাৎ কৰাত ব্যস্ত হ’ল স্বয়ং পঞ্চায়ত সভাপতিগৰাকী ৷

ৰাইজৰ অভিযোগ অনুমোদিত ধনৰ আধাও ব্যৱহাৰ নকৰি কেৱল ৰাইজক আভুৱা দিয়াৰ ফলতে এতিয়া গৰাখহনীয়াত নিঃশেষ হ'বলৈ গৈছে বেজ গাঁৱৰ বহু কেইটা পৰিয়ালৰ লগতে ৰাজহুৱা সম্পত্তি । এই সম্পৰ্কে বিধায়ক চক্ৰধৰ গগৈক বহু বাৰ জনোৱাৰ পাছতো বিধায়ক জনে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ সলনি ঘনিষ্ঠ ঠিকাদাৰক কমিচনৰ অংকত ৰক্ষণাবেক্ষণ দিয়াৰ হে অভিযোগ কৰিছে ৰাইজে । মুঠৰ ওপৰত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি নিৰ্মূলৰ কথা ক'লেও এতিয়া তেওঁ গৃহ জিলাতে পঞ্চায়তে পঞ্চায়তে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ।

লগতে চাওক-12 ছেপ্তেম্বৰৰ পৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই চলাব 12 খন যাত্ৰীবাহী ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.