ETV Bharat / state

কাৰাবন্দী অখিল গগৈ 'ৰাইজৰ দল'ৰ সভাপতি - vice presdident sumitra hazarika

মৰাণত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনত দলৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ'ল কৃষক নেতা অখিল গগৈক । প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে গঠন কৰা হয় দলটোৰ নতুন কমিটী । বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী হীৰেণ গোহাঁইক অৰ্পণ কৰা হৈছে ৰাইজৰ দলৰ মুখ্য উপদেষ্টাৰ দায়িত্ব ।

কাৰাবন্দী অখিল গগৈ 'ৰাইজৰ দল'ৰ সভাপতি
কাৰাবন্দী অখিল গগৈ 'ৰাইজৰ দল'ৰ সভাপতি
author img

By

Published : Jan 9, 2021, 3:28 PM IST

মৰাণ, ৯ জানুৱাৰী: কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰৰ পৰা ওলাই আহি 'ৰাইজৰ দল'ৰ প্ৰথমখন অভিৱৰ্তনত অংশগ্ৰহণ কৰি নতুন ৰাজনৈতিক দলটোক নেতৃত্ব দিব বুলি সকলোৱে আশা কৰিছিল যদিও কৃষক নেতাজনৰ জামিন পুনৰ নাকচ কৰা হ'ল । পৰিণতিস্বৰূপে অখিল গগৈ অবিহনেই অনুষ্ঠিত হ'ল 'ৰাইজৰ দল'ৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন । অখিল গগৈ কাৰাগাৰত থাকিলেও মৰাণৰ অভিৱৰ্তনস্থলীত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাৰ সিদ্ধান্ত অনুসৰি কাৰাবন্দী অখিল গগৈক 'ৰাইজৰ দল'ৰ সভাপতিৰ দায়িত্ব দিয়া হয় ।

বুদ্ধিজীৱী হীৰেণ গোহাঁইক অৰ্পণ কৰা হৈছে ৰাইজৰ দলৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

কাৰাগাৰৰ পৰাই এতিয়া অখিল গগৈয়ে নেতৃত্ব দিব ৰাইজৰ দলক । আনহাতে বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী হীৰেণ গোহাঁইক ৰাইজৰ দলৰ মুখ্য উপদেষ্টাৰ দ্বায়িত্ব অৰ্পণ কৰা হৈছে ।সুমিত্ৰা হাজৰিকা, কমল কুমাৰ মেধি, মোহিনী মোহন লিগিৰা, দীপক শইকীয়া, ৰাছেল হুছেইন, ৰঞ্জিত তামুলী, হাৰিকান্ত দাস, চৰণ ডেকা, দিলীপ বৰা, বেদান্ত লস্কৰ, হৰেশ্বৰ বৰ্মন,অনিল বড়ো, টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা, পুলিন ভট্টাচাৰ্য, ফণী টাযেং আৰু ভৱেন বৰুৱাক উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে ।

উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে কমল কুমাৰ মেধিক

উপদেষ্টা পদত উদয়াদিত্য ভৰালী, ড° সীতানাথ লহকৰ, ইন্দ্ৰানী দত্ত, হাফিজ বছিৰ চৌধুৰী আৰু ড° ঘনশ্যাম নাথকো উপদেষ্টা ৰূপে নিৰ্বাচিত কৰা হয় । কাৰ্যকৰী সভাপতি ৰূপে নিৰ্বাচিত কৰা হৈছে ভাস্কো ডি শইকীয়া, কবিন্দ্ৰ চেতিয়া ফুকন, জিতুল ডেকা ।

কাৰ্যকৰী সভাপতি ৰূপে নিৰ্বাচিত কৰা হৈছে ভাস্কো ডি শইকীয়াক

ইতিমধ্যে, এই সকলৰ নাম ৰাইজৰ দলৰ নেতৃত্বই ৰাজহুৱা কৰিছে যদিও দলটোৰ দায়িত্ব লাভ কৰা আন বিষয়ববীয়াসকলৰ নাম অভিৱৰ্তনৰ তৃতীয় দিনা ৰাজহুৱা কৰি দায়িত্ব অৰ্পণ কৰিব । কৃষক নেতা অখিল গগৈক সভাপতিৰ দায়িত্ব দিয়াৰ লগে লগে দলটোৰ কৰ্মীসকল আনন্দিত হৈ পৰিছে । দুগুণ উৎসাহেৰে কাম কৰাৰ সংকল্প লৈছে দলৰ কৰ্মকৰ্তাই ।

লগতে পঢ়ক:নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ জে পি নড্ডা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.