মৰাণ, ২৪ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ নিযুক্তিক লৈ মৰাণত প্ৰতিক্ৰিয়া (AJYCP welcome govt recruitment) প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই । ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে যি চেষ্টা কৰিছে তাৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে । তেওঁ চৰকাৰে দিয়া নিযুক্তি যাতে স্বচ্ছ আৰু নিকা হয় তাৰ বাবে গুৰুত্ব দিবলৈ আহ্বান জনাইছে ।
তেওঁ ৰাজ্যৰ নিবনুৱা সমস্যাটোৰ যাতে স্থায়ী সমাধান হয় তাৰ বাবে চৰকাৰক কাম কৰিবলৈ আহ্বান জনাই এইক্ষেত্ৰত ইতিবাচক সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে লোৱা এই পদক্ষেপ সঁচাকৈয়ে আদৰণীয় ।
উল্লেখ্য় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৰাজ্য এক লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰা । প্ৰতিশ্ৰুতি দিয়া অনুসৰি নিযুক্তি প্ৰক্ৰিয়া কিছু লেহেমীয়া হোৱাত বিৰোধীৰ লগতে ৰাজ্যৰ দল-সংগঠন সমূহে চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল । কিন্তু মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি শুক্ৰবাৰে খানাপাৰাত কেইবাহাজাৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে । মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika),ৰঞ্জিত দাস, কেশৱ মহন্ত, অতুল বৰাকে ধৰি কেইবা গৰাকীও মন্ত্ৰী–বিধায়কৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে ।
লগতে পঢ়ক:অসম চৰকাৰৰ বৃহৎ নিযুক্তিৰ দিনটোতে মাজুলীৰ এটা পৰিয়ালত কান্দোনৰ ৰোল