মৰাণ,27 জানুৱাৰী : ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ সমীপত বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতিয়ে ৷ ‘কা’ বাতিলৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীত এক পথ সভাৰ আয়োজন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।
![ajycp protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10403224_1.jpg)
প্ৰতিবাদযোগে কোনো কাৰণতে ‘কা’ মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷ শীঘ্ৰেই চৰকাৰে ‘কা’ বাতিল নকৰিলে সমাগত নিৰ্বাচনত ইয়াৰ ফল ভালদৰে পাব বুলি পথৰ প্ৰতিবাদী সভাৰ পৰাই হুংকাৰ দিয়ে যুৱ ছাত্ৰ পৰিষদে ৷
লগতে পঢ়ক : অনিশ্চয়তাৰ দিশে ৰাজ্যৰ ১৩৪০ গৰাকী কম্পিউটাৰ শিক্ষকৰ ভৱিষ্যত