ETV Bharat / state

Ek Asom Yatra : মানুহৰ মৌলিক সমস্যা সমূহ সমাধান কৰাত চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে; লুৰীণজ্যোতি গগৈ - অসম জাতীয় পৰিষদ

মৰাণত অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা ৷ শাসনাধিষ্ঠ বিজেপি দলৰ বিভাজনকামী নীতিৰ বিৰুদ্ধে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে বুলি কয় অজাপৰ সভাপতিগৰাকীয়ে ৷

AJP President Lurinjyoti Gogoi Criticizes BJP
মৰাণত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 4:32 PM IST

মৰাণত অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

ডিব্ৰুগড়, 5 অক্টোবৰ : "এক অসম যাত্ৰালৈ সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্ততে জনতাৰ সঁহাৰি, উপস্থিতি আৰু সমৰ্থন স্বতস্ফূৰ্ত ৷ বেলেগৰ দৰে আমি পইচা দি শোভাযাত্ৰালৈ মানুহ আনিব লগা হোৱা নাই ৷ পদপথৰ মানুহ এই যাত্ৰাত অংশগ্ৰহণ কৰিছে, সমৰ্থন জনাইছে মূল আদৰ্শটোত, এক অসম ঐক্যবদ্ধ অসম ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

ধুবুৰীৰ পৰা ঐক্যবদ্ধ অসমৰ লক্ষ্যৰে আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাই বৃহস্পতিবাৰে ১৪ দিনত ভৰি দিলে ৷ বিগত ২১ ছেপ্টেম্বৰত ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ "এক অসম যাত্ৰা" বৃহস্পতিবাৰে চৰাইদেউ জিলা অতিক্ৰম কৰি ডিব্ৰুগড় জিলাত প্ৰৱেশ কৰিছে ৷

বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ নগৰৰ পৰা পুনৰ আৰম্ভ হৈছে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা ৷ মৰাণৰ প্ৰজাপতি বিবাহ ভৱনৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই এক অসম যাত্ৰাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, উপ সভাপতি অনুপ ফুকন, দুলু আহমেদ, সাধাৰণ সম্পাদক ৰাজু ফুকন, যুটীয়া সম্পাদক মানিক গগৈকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহুসংখ্যক বিষয়ববয়াই অংশগ্ৰহণ কৰে ৷

এই যাত্ৰাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, সমগ্ৰ অসমতে এক অসম যাত্ৰালৈ ৰাইজে স্বতৰ্স্ফূত সঁহাৰি জনাইছে ৷ শাসনাধিষ্ঠ বিজেপি দলৰ বিভাজনকামী নীতিৰ বিৰুদ্ধে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে ৷ ২০২৪, ২০২৬-ৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিব বুলিও দাবী কৰে লুৰিণজ্যোতি গগৈয়ে ৷ এই এক অসম যাত্ৰাই অসমৰ ৰাইজৰ মাজত সাম্প্ৰদায়িকতা নাইকিয়া কৰি সমন্বয় সৃষ্টি কৰিব বুলিও সভাপতি গৰাকীয়ে কয় ৷

তেওঁ কয় যে, বৰ্তমান সাম্প্ৰদায়িকতাই সমাজক বিভাজিত কৰিছে ৷ ধৰ্মীয় উন্মাদনাই সমাজত ঘৃণাৰ সৃষ্টি কৰিছে ৷ সাম্প্ৰদায়িক শক্তি সমূহে অসমীয়া মহাজাতিক ভাঙিবলে অহৰ্নিশে কাম কৰিছে ৷ তেওঁলোকৰ লক্ষ্যই হ’ল বিভাজনৰ ৰাজনীতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা ৷ গতিকে সাধাৰণ জনতাই এই শক্তি সমূহক চিনাক্ত কৰাৰ সময় আহি পৰিছে বুলি কয় লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : Congress protest against BJP Govt : বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.