ETV Bharat / state

Lurinjyoti Gogoi slams Govt: বিজেপিয়ে আগৰে পৰা কৰি আহিছে সস্তীয়া ৰাজনীতি; লুৰীণজ্যোতি গগৈ

author img

By

Published : Mar 13, 2023, 12:15 PM IST

ডিব্ৰুগড়ৰ টিংখাঙত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ টিংখাং সমষ্টি সমিতিৰ অভিৱৰ্তন (Jatiya Yuv Sakti convention in Tingkhong)। ১৫০ৰো অধিক লোকৰ অসম জাতীয় পৰিষদত যোগদান । অসম চৰকাৰক তীব্ৰ সমালোচনা লুৰীণজ্যোতি গগৈৰ ।

Jatiya Yuv Sakti convention in Tingkhong
বিজেপিয়ে আগৰে পৰা কৰি আহিছে সস্তীয়া ৰাজনীতি

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ : "বিনামূলীয়া চাউল, অৰুণোদয় আঁচনিয়ে কেতিয়াও জাতীয় চেতনাৰে উদ্বুদ্ধ লোকক প্ৰলোভিত কৰিব নোৱাৰে । অসমৰ মানুহৰ আনৰ দাস বা গোলাম হৈ জীয়াই থকাৰ চৰিত্ৰটো আগতে নাছিল, এই চৰিত্ৰ আমদানি কৰিছে অসমৰ কেইজনমান নেতাই ।" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ (Lurinjyoti Gogoi slams Govt)। দেওবাৰে টিংখাঙত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে নেতাগৰাকী ।

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কল্যাণপুৰ গাঁৱৰ নৱদ্বীপ আদৰ্শ বিদ্যাপীঠৰ প্ৰাঙ্গণত আয়োজিত হয় অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ টিংখাং সমষ্টি সমিতিৰ অভিৱৰ্তন আৰু যোগদান সমাৰোহ অনুষ্ঠানত (Jatiya Yuv Sakti convention)। য'ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে দলৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ।

অনুষ্ঠানত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে সকলোকে জাতীয় চেতনাৰে ওলাই আহি অসম জাতীয় পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায় ।

এই বিশেষ সমাৰোহত টিংখাঙৰ বিভিন্ন প্ৰান্তৰ ১৫০ৰো অধিক লোকে অসম জাতীয় পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে (AJP joining program)। সভাত অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন, যুটীয়া সম্পাদক কাষ্টম বসুমতাৰী, কেন্দ্ৰীয় উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক অনুপ ফুকন, ড০ দিলীপ ভূঞাৰ লগতে দলটোৰ বিভিন্ন পৰ্যায়ৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।

ইফালে যোগদান সভাত অংশগ্ৰহণ কৰি লুৰীণজ্যোতি গগৈয়ে আগন্তুক নিৰ্বাচনত সকলো বিৰোধী শক্তি একত্ৰিত হৈ বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব বুলিও দাবী কৰে । ৰাজ্য চৰকাৰে ১০০ কোটি ব্যয়েৰে বিহুক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ কৰা প্ৰয়াসকো তীব্ৰ ভাষাৰে ককৰ্থনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় পৰিষদে দলীয় ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে । পঞ্চায়ত পৰ্যাললৈ দলটোক শক্তিশালী কৰাৰ বাবে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰাৰ কথাও লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :HSLC Exam Question Paper Leaked : মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলে প্ৰকৃত স্বৰূপ উদঙালে ছেবাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.