ETV Bharat / state

নাহৰকটীয়াত অসম জাতীয় পৰিষদৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন - নাহৰকটীয়া অসম জাতীয় পৰিষদ

AJP foundation day: তিনি বছৰীয়া হ’ল অসম জাতীয় পৰিষদ ৷ কা বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটত তিনিটা বছৰৰ পূৰ্বে জন্মলাভ কৰা ৰাজনৈতিক দলটোৱে দেওবাৰে উদযাপন কৰিলে প্ৰতিষ্ঠা দিৱস ৷ কেন্দ্ৰীয়ভাৱে নাহৰকটীয়াত উদযাপিত কাৰ্যসূচীত সভাপতি লুৰীণজ্যোতি গগৈসহ উপস্থিত থাকে দলটোৰ বহুকেইগৰাকী দলীয় নেতৃত্ব ৷

ajp foundation day
অসম জাতীয় পৰিষদৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:39 PM IST

অসম জাতীয় পৰিষদৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

ডিব্ৰুগড়, 17 ডিচেম্বৰ : কা বিৰোধী আন্দোলনৰ পাছতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেবাটাও কা বিৰোধী জাতীয় সংগঠনৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে আজি উদযাপন কৰিলে তৃতীয় প্ৰতিষ্ঠা দিৱস । এক অসম, ঐক্যবদ্ধ অসম গঢ় দিয়াৰ প্ৰতিশ্ৰুতিৰে গঠন হোৱা অসম জাতীয় পৰিষদে তিনিটা বৰ্ষ অতিক্ৰম কৰি তৃতীয়টো প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰে ।

নাহৰকটীয়াত এদিনীয়া কাৰ্যসূচীৰে উদযাপিত হয় অসম জাতীয় পৰিষদৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । নাহৰকটীয়াৰ জামুগুৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈসহ কেন্দ্ৰীয় নেতৃত্ব ।

দেওবাৰে নাহৰকটীয়াৰ জামুগুৰি ৰাজহুৱা খেলপথাৰত উদযাপিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন, গছপুলি ৰোপণ, বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হয় । শ্বহীদলৈ শ্ৰদ্ধা জনাই আৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত এক অসম, ঐক্যবদ্ধ অসমৰ সংকল্প ল'লে অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে ।

কা বিৰোধী আন্দোলনৰ পাছতেই যিসমূহ জাতীয় সংগঠনে অসম জাতীয় পৰিষদ গঠনত অৰিহণা জনাইছিল, বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে উদাত্ত ভাষণেৰে কা বিৰোধী আন্দোলন আৰু কা সম্পৰ্কত অসম জাতীয় পৰিষদৰ স্থিতি স্পষ্ট কৰি কয়, ‘‘ কা কেতিয়াও মনা নাছিলোঁ, কোনোদিন এই আইন মানি লোৱা নহ'ব ।’’

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰসংগত লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘এই সংগ্ৰাম দীঘলীয়া হ'লেও অসমবাসীৰ অধিকাৰ সুৰক্ষিত নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলি থাকিব ৷’’

লগতে পঢ়ক : বিৰোধী ঐক্যমঞ্চৰ বাবে ভয় খাইছে বিজেপিয়ে: লুৰীণজ্য়োতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.