ETV Bharat / state

অগপৰ হাতীয়ে চাবুৱাত বিজেপিৰ ঘৰ বাৰীহে ভাঙিলে: অজয় ফুকন

চাবুৱাত সংগীত শিল্পী তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় ফুকনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ চাবুৱাত বিজেপিৰ ভেঁটিক অগপই শেষ কৰাৰ লগতে অগপৰ হাতীয়ে বিজেপিৰ পদুম গচকি শেষ কৰিলে মন্তব্য ফুকনৰ ৷

author img

By

Published : Mar 14, 2021, 12:39 PM IST

Updated : Mar 15, 2021, 10:02 PM IST

Ajay Phukan campaign at Chabua
অগপৰ হাতীয়ে চাবুৱাত বিজেপিৰ ঘৰ বাৰী ভাঙি পেলালে : অজয় ফুকন

মৰাণ, 14 মাৰ্চ: চাবুৱাত বিজেপিৰ ভেঁটিক অগপই শেষ কৰিলে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সংগীত শিল্পী তথা চাবুৱা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰক্ষেপিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় ফুকনে ৷ এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ অগপৰ হাতীয়ে চাবুৱাত বিজেপিৰ ঘৰ বাৰী ভাঙি পেলালে বুলি এক মন্তব্য কৰি ফুকনে এইবাৰ চাবুৱা সমষ্টিৰ ৰাইজ কংগ্ৰেছৰ পক্ষত আছে বুলি দাবী কৰে ৷

অজয় ফুকনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ পদুমো অগপৰ হাতীয়ে গচকি শেষ কৰিলে বুলি মন্তব্য কৰি ফুকনে লগতে কয় যে, চাবুৱাত এতিয়া অগপ আৰু বিজেপিৰ ভেঁটি নাই, বিজেপিৰ যি ভেঁটি আছিল সেয়াও অগপই শেষ কৰি পেলালে । কা আন্দোলনে চাবুৱাত ব্যাপক ৰূপ লৈছিল । সেয়ে চাবুৱাৰ ৰাইজে জানে ভোট কাক দিব লাগে ।

মামাৰ জনপ্ৰিয়তা এতিয়া অসমত লাহে লাহে হ্ৰাস হৈ আহিছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ফুকনে চাবুৱাত কংগ্ৰেছৰ পক্ষত অধিক লোক আছে মন্তব্য কৰে ৷ বিজেপিৰ বহু লোক তেঁওৰ সৈতে যোগাযোগত আছে বুলি মন্তব্য কৰি সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে এইবাৰ কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে ৷ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰি তেঁও কয় যে, কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি অনুভৱ কৰি এতিয়া বিজেপিয়ে ভয় খাইছে ৷

লগতে পঢ়ক: নিযুক্তিত সংস্কাৰ নহ'ল সোণোৱালৰ দিনত: নিৰ্বাচনত কি সিদ্ধান্ত ল'ব নিবনুৱাই ?

Last Updated : Mar 15, 2021, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.