মৰাণ,13 মে': কৰ'ণাৰ ভয়াৱহতাৰ মাজতে নতুনকৈ গঠন হোৱা চৰকাৰ খনকলৈ ৰাজ্যবাসীৰ লগতে আশাবাদী অসমৰ অন্যতম জাতীয় সংগঠন আহোম জাতীয় গণ মঞ্চ ৷ বিশেষকৈ ডিব্ৰুগড় আৰু চৰাইদেউৰ পৰা কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰা বিমল বৰা আৰু যোগেন মহনে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিব বুলি আশা প্ৰকাশ কৰিছে সংগঠনৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞাই ৷
কাৰাবন্দী নেতা অখিল গগৈ আৰু কংগ্ৰেছ দলে অসমৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ অসম বিধানসভাত শক্তিশালী বিৰোধী ভূমিকা পালন কৰিব লাগিব বুলি মন্তব্য কৰিছে সহকাৰী সম্পাদক গৰাকীয়ে ৷
লগতে পঢ়কঃ দায়িত্ব লৈয়েই অসম চুক্তি ৰূপায়ণ বিভাগত উপস্থিত মন্ত্ৰী অতুল বৰা