মৰাণ,10এপ্ৰিল: দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ডিব্ৰুগড়স্থিত বাসগৃহত শনিবাৰে উপস্থিত হয় অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব ৷ অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাসহ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু উপ-সভাপতি সুনীল ৰাজকোঁৱৰে ৰঞ্জন গগৈৰ সদ্যপ্ৰয়াত মাতৃ তথা বিশিষ্ট সমাজ সেৱিকা শান্তি গগৈৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷
![agp leaders visited Ranjan Gogoi home in dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8048to8051-agpleadersvisitedranjangogoishomeofdibrugarh-as10031_10042021200359_1004f_1618065239_419.jpg)
উল্লেখ্য যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কেশৱ চন্দ্ৰ গগৈৰ সুপত্নী তথা ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃ, ডিব্ৰুগড়ৰ বিশিষ্ট সমাজ সেৱিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যা ,ডিব্ৰুগড় শাখাৰ সভাপতি প্ৰয়াত শান্তি গগৈয়ে বৃহস্পতিবাৰে দিল্লীত এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷
![agp leaders visited Ranjan Gogoi home in dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8048to8051-agpleadersvisitedranjangogoishomeofdibrugarh-as10031_10042021200359_1004f_1618065239_317.jpg)
লগতে পঢ়ক:লুৰীণজ্যোতি গগৈৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল