ETV Bharat / state

ডিব্ৰুগড়ৰ খনিকৰ চাহ বাগিছাত প্ৰাপ্তবয়স্ক লোকক আনুষ্ঠানিক ভাৱে শিক্ষা প্ৰদান

ডিব্ৰুগড়ৰ খনিকৰ চাহ বাগিছা প্ৰেক্ষাগৃহত প্ৰাপ্তবয়স্ক লোকসকলক আনুষ্ঠানিকভাৱে শিক্ষা প্ৰদান ৷ 18 ৰ পৰা 50 বছৰ বয়সৰ নিৰক্ষৰ লোকসকলক শিক্ষা প্ৰদান ৷

adult-literacy-project-by-oil-india-limited-at-khanikar-tea-estate
ডিব্ৰুগড়ৰ খনিকৰ চাহ বাগিছাত প্ৰাপ্তবয়স্ক লোকক আনুষ্ঠানিক শিক্ষা প্ৰদান
author img

By

Published : Jan 23, 2021, 10:31 PM IST

ডিব্ৰুগড়, 23 জানুৱাৰী : ডিব্ৰুগড়ৰ খনিকৰ চাহ বাগিছা প্ৰেক্ষাগৃহত প্ৰাপ্তবয়স্ক লোকসকলক আনুষ্ঠানিকভাৱে শিক্ষা প্ৰদান ৷ গ্ৰাম্য অঞ্চল আৰু চাহ বাগিছাত বসবাস কৰা পুৰুষ-মহিলা সকলে চাহ বাগিছাত চাহপাত চিঙা, বাগিচাত ঔষধ প্ৰদান কৰা আৰু সাৰ ছটিওৱাৰ লগতে অন্যান্য কামত ব্যস্ত হৈ থকা দেখা যায় । তেওঁলোক সদায় আনুষ্ঠানিক শিক্ষাৰ পৰা বাদ পৰা পৰিলক্ষিত হৈছে ৷ যাৰবাবে ডিব্ৰুগড় চাহ বাগিচাৰ নিৰক্ষৰ লোক সকলক দিয়া হৈছে প্ৰাপ্ত বয়স্ক শিক্ষা ।

ডিব্ৰুগড়ৰ খনিকৰ চাহ বাগিছাত প্ৰাপ্তবয়স্ক লোকক আনুষ্ঠানিক শিক্ষা প্ৰদান

দুলীয়াজান অইল ইণ্ডিয়াৰ উদ্যোগত আৰু ৰাজ্যিক পঞ্চায়ত ও গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত গ্ৰাম্য অঞ্চল আৰু চাহ বাগিছাত বসবাস কৰা পুৰুষ-মহিলা সকলক 18 ৰ পৰা 50 বছৰ বয়সৰ নিৰক্ষৰ লোকসকলক ডিব্ৰুগড় জিলাৰ খনিকৰ চাহ বাগিছা প্ৰেক্ষাগৃহত বিনামূলীয়া পাঠ্যপুথি, বহী, কলম আৰু দৈনিক দিন মজুৰি প্ৰদান কৰি বহীত নিজৰ নাম লিখিব পৰাকৈ আৰু বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰি প্ৰগতিৰ দিশত এখোজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিক্ষক ক্ৰমে, জিতু সোণোৱাল আৰু কমল বেজবৰুৱাই এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে উৎফুল্লিত হৈ পৰিছে বাগিছাৰ মহিলা সকল । আশা কৰা হৈছে এই শিক্ষাই কিছু হ'লেও বাগিচাৰ লোক সকলৰ জীৱন ধাৰণৰ মান উন্নত কৰি তুলিব ।

লগতে পঢ়ক : গণতন্ত্ৰ দিৱস : নৌ-সেনাৰ প্ৰতীকপদত থাকিব 71’ৰ যুদ্ধৰ বিজয়গাঁথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.