ETV Bharat / state

Shops at Ghoramara market Sealed : ডিব্ৰুগড়ৰ ঘোঁৰামৰা বজাৰত 11 খনকৈ দোকান ছীল প্ৰশাসনৰ - ব্যৱসায়ীক প্ৰতিষ্ঠান

ঘোঁৰামৰাৰ লাহোৱাল খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনত থকা 11 খনকৈ বিপনী ছীল খণ্ড উন্নয়ন বিষয়াৰ ৷ এসপ্তাহৰ ভিতৰত ভাড়া আদায় নিদিলে বিপণী সমূহ সম্পূৰ্ণৰূপে বাজেয়াপ্ত কৰাৰ সিদ্ধান্ত প্ৰশাসনৰ ৷

Administration Seals 11 Shops at Ghoramara market
স্থানীয় প্ৰশাসনৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 3:20 PM IST

ঘোঁৰামৰাত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে স্থানীয় প্ৰশাসনৰ অভিযান

ডিব্ৰুগড়, 15 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ ঘোঁৰামৰাত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে স্থানীয় প্ৰশাসনৰ অভিযান ৷ ঘোঁৰামৰাৰ লাহোৱাল খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনত থকা 11 খনকৈ বিপণী ছীল খণ্ড উন্নয়ন বিষয়াৰ ৷ বিপণীৰ গৰাকীৰ বিৰুদ্ধে 20 বছৰে ভাড়া আদায় নিদিয়াৰ অভিযোগ ৷ এসপ্তাহৰ ভিতৰত ভাড়া আদায় নিদিলে বিপণীসমূহ সম্পূৰ্ণৰূপে বাজেয়াপ্ত কৰাৰ সিদ্ধান্ত খণ্ড উন্নয়ন বিষয়া বেদব্ৰত পেগুৰ ৷

লাহোৱাল খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধীনত লাহোৱালৰ ঘোঁৰামৰা বজাৰত 30 বছৰ পূৰ্বে কেইবাখনো দোকান নিৰ্মাণ কৰা হৈছিল ৷ দোকান সমূহ নিৰ্মাণৰ পিছতে নিবিদাৰ যোগে কেইবাজনো স্থানীয় লোকে দোকান সমূহ লাভ কৰিছিল যদিও আজি সুদীৰ্ঘ 20-25 বছৰে পৰিশোধ কৰা নাই কোনো ভাড়া ৷ দোকানৰ যি ভাড়া সেই ভাড়া সমূহ আদায় দিবলৈ লাহোৱাল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা তিনিখনকৈ জাননী প্ৰেৰণ কৰাৰ পিছতো দোকানৰ গৰাকীয়ে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ভাড়া আদায় নিদিয়াৰ ফলশ্ৰুতিত শুকুৰবাৰে লাহোৱালৰ ঘোঁৰামৰা বজাৰস্থিত 11 খনকৈ দোকান লাহোৱাল খণ্ড উন্নয়ন বিষয়াই ছীল কৰে ৷

এই সমূহ দোকান একেবাৰে কম মূল্যত অৰ্থাৎ দুশৰ পৰা তিনিশ টকাতে ভাড়া দিয়া হৈছিল ৷ ইফালে আজি 20-25 বছৰৰ পৰা একাংশ ভাড়াতীয়াই নিজৰ নামত দোকান সমূহ অধিগ্ৰহণ কৰি আন ব্যক্তিক 3 হাজাৰৰ পৰা 6 হাজাৰ পৰ্যন্তলৈকে ভাড়া দিয়া বুলিও এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়ে লাহোৱাল খণ্ড উন্নয়ন বিষয়াই এই ক্ষেত্ৰতো এতিয়াৰ পৰা এই লোকসকলৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে এই দোকান সমূহৰ ভাড়াতীয়া সকলক এসপ্তাহৰ ভিতৰত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ভাড়া আদায় দিবলৈ জাননী প্ৰদান কৰিছে ৷ যদি এসপ্তাহৰ ভিতৰত ভাড়া আদায় দিবলৈ সক্ষম নহয় তেন্তে দোকানসমূহ সম্পূৰ্ণৰূপে বাজেয়াপ্ত কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে প্ৰশাসনে ৷

লগতে পঢ়ক : SI Karabi Saikia Suspended: মঙলদৈ সদৰ থানাৰ SI কৰবী শইকীয়াক নিলম্বন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.