ETV Bharat / state

ACMS protest: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীক লগত লৈ মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

প্ৰাক্তন কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰীৰ উপস্থিতিত শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ ৷ ডিব্ৰুগড়ৰ বকুল চাহ বাগিছাত চাহ শ্ৰমিকসকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

ACMS protest at Dibrugarh demanding rights
শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Aug 11, 2023, 1:04 PM IST

শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ডিব্ৰুগড়, 11 আগষ্ট: চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অসম চাহ মজদুৰ স‌ংঘৰ ৰাজ্যজুৰি প্ৰতিবাদ । ডিব্ৰুগড়ৰ বকুল চাহ বাগিছাতো ৰূপায়ণ কৰা হয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদী কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ স‌ংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যাসমূহ সমাধানত চৰম ব্যৰ্থতাৰ অভিযোগ তুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

বিশেষকৈ অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে তৎকালে চাহ শ্ৰমিকৰ নিম্নতম দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে । একেদৰে অসম চাহ মজদুৰ সংঘৰ দাবী অনুসৰি অসম চৰকাৰে অসমৰ ক্ষুদ্ৰ চাহ বাগিছাসমূহত নিয়োজিত শ্রমিকসকলৰ দৈনিক মজুৰি 232 টকালৈ নিৰ্ধাৰণ কৰিলে যদিও ক্ষুদ্ৰ চাহ বাগিছাসমূহত নিয়োজিত শ্রমিকসকল অসম চৰকাৰৰ শ্ৰম বিভাগৰ দুৰ্বলতাৰ বাবে আজিও চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া 232 টকাৰ ন্যূনতম মজুৰি পাবলৈ সক্ষম নহ'ল বুলি অভিযোগ তোলে ৷

ন্যূনতম মজুৰি তৎকালীনভাৱে প্রযোজ্য কৰাৰ দাবী জনায় চাহ শ্ৰমিকসকলে । বৰ্তমান অসমৰ প্ৰায় 60 শতাংশ চাহ বাগিচাৰ চিকিৎসালয়ত চিকিৎসককে ধৰি উন্নত মানৰ ঔষধ-পাতি, এম্বুলেঞ্চৰ লগতে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ । গতিকে বাগিছাসমূহত থকা চিকিৎসালয়সমূহ মেৰামতি কৰি চিকিৎসালয়সমূহত চিকিৎসক, নার্চ, স্বাস্থ্য কর্মী আদি নিযুক্তিৰ ব্যৱস্থা কৰাৰ লগতে উন্নত মানদণ্ডৰ ঔষধ-পাতি যোগান ধৰিবলৈ দাবী জনাইছে সংঘই ।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী, শ্ৰম মন্ত্ৰী আৰু ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম চাহ মজদুৰ সংঘই ।

লগতে পঢ়ক : Tea workers protest: প্ৰাপ্যৰ দাবীত টীয়কত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.