ডিব্ৰুগড়, ২৬ এপ্ৰিলঃ ডিব্ৰুগড়ত আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে পুনৰ অভিযান। জব্দ কৰে শ-শ লিটাৰ অবৈধ চুলাই মদ।ডিব্ৰুগড় জিলা আবকাৰী বিভাগে আজি মৰাণ বামুণবাৰী আৰু মৰাণ বজাৰ এলেকাত অবৈধ সুৰা বিক্ৰেতাৰ বিৰুদ্ধে অভিযান চলাই ১০ লিটাৰ চুলাই মদ, ৩.৭৫ লিটাৰ বিলাতী সুৰা, ৭.৮ লিটাৰ বিয়েৰ জব্দ কৰে ।

একেদৰে আন এক অভিযানত মৰাণ আবকাৰীয়ে ৰাজগড়, দীঘলী উদালবাম আদি এলেকাৰ পৰা ০.৯৬০ লিটাৰ বিলাতী সুৰা, ০.৯০০ লিটাৰ দেশীয় সুৰা, জব্দ কৰে। ইতিমধ্যে ডিব্ৰুগড়ত অবৈধ সুৰা সেৱন কৰি বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো পৰিয়াল ধ্বংস হয় । ইয়াৰ বাবে জিলা প্ৰশাসনে অবৈধ সুৰাৰ বাবে কঠোৰ হোৱা পৰিলক্ষিত হৈছে। আবকাৰীৰ এই অভিয়ানক সকলোৱে প্ৰশংসা কৰাৰ লগতে সকলো অবৈধ চুলাই মদৰ ঘাটি উচ্চেদ কৰিবলৈ আহ্বান জনাইছে সচেতন ৰাইজে।