টিংখাং, ২৬ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিলে সদৌ তাই আহোম ছাত্র সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ নৱনিৰ্বাচিত উপ-সভাপতি ৰিদিপ চোলাধৰা ফুকনে । বৰবৰুৱা, চ্যুকাফা ভৱন প্ৰাংগনত অনুষ্ঠিত এক সভাত শপতগ্ৰহণ কৰি পোনে পোনে তেওঁ টিংখাঙৰ ৰাজগড়ত উপস্থিত হয় আৰু সংগঠনটোৰ টিংখাং আঞ্চলিক সমিতিয়ে তেওঁ উষ্ম আদৰণি জনায় ।
ইয়াৰ পিছতে ৰাজগড় শ্বহীদ বেদীত তেওঁ বন্তি প্ৰজ্বলন কৰে । ৰিদিপ চোলাধৰা ফুকনক কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে ।
অনাগত দিনত নৱনিৰ্বাচিত উপ-সভাপতিগৰাকীয়ে সক্ৰিয়তাৰে জিলাখনৰ সাংগঠনিক কৰ্মত নিয়োজিত হৈ জাতিটোৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰে ।